তামুলপুৰ : প্ৰেমেই কাল হ’ল তামুলপুৰৰ এজন যুৱকৰ। তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ পাহাৰত উদ্ধাৰ হৈছে ১১ দিনে সন্ধানহীন হৈ থকা এজন যুৱকৰ অৰ্ধগলিত মৃতদেহ। যোৱা ২৭ তাৰিখৰ পৰা তামুলপুৰৰ মেনকা চাহ বাগিচাৰ পৰা সন্ধানহীন হৈ থকা বিষ্ণু মগৰ নামৰ যুৱকজনৰ বুধবাৰে ৰহস্যজনকভাৱে মৃতদেহ উদ্বাৰ হোৱাৰ পিছতে সৃষ্টি হৈছে চাঞ্চল্যৰ।

উল্লেখ যে, যোৱা ২৭ জুন তাৰিখে বিষ্ণু মগৰ নামৰ যুৱকজনে প্ৰেমিকাক নিশা গোপনে লগ ধৰিবলৈ আহোঁতে প্ৰেমিকাৰ পৰিয়ালৰ লোকে যুৱকজনক আটক কৰি মানসিক অত্যাচাৰ চলোৱাৰ লগতে মবাইল ফোন কাঢ়ি লৈ ঘৰলৈ যাব দিয়াৰ অভিযোগ উত্থাপন হৈছিল। কিন্ত পিছদিনা পুৱা লৈ যুৱকজন নিজ ঘৰলৈ উভতি নোযোৱাত চিন্তিত হৈ পৰে পৰিয়ালৰ লোক। অৱশেষত পৰিয়ালৰ লোকে ঘটনা সম্পৰ্কে জানিব পাৰি এজেহাৰ দাখিল কৰে কুমাৰীকাটা আৰক্ষী চকীত।

এজেহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ সময়তে ১১ দিনৰ অন্তত অৰ্থাৎ বুধবাৰে আবেলি ভাৰত-ভূটান সীমান্তৰ দুৰ্গম পাহাৰত চিপ লৈ থকা অৱস্থাত অৰ্ধগলিত মৃতদেহ এটা থকা বুলি স্থানীয় লোকে আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো বিষ্ণু মগৰৰ বুলি চিনাক্ত কৰাৰ পিছতে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সমগ্ৰ ঘটনা।

বিষ্ণু মগৰৰ পৰিয়াল মতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড। বিষ্ণু মগৰৰ প্ৰেয়সীৰ পৰিয়ালৰ লোকে বিষ্ণু মগৰক হত্যা কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে তদন্তৰ বাবে আৰক্ষীয়ে আটক কৰিছে ৰাজদ্বীপ দাস, ভন্দু গৌৰ, বিকি দেউৰী, জুহাল সৰকাৰ নামৰ যুৱক চাৰিজনক। সম্পূৰ্ণ পৰিকল্পিতভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰাৰো অভিযোগ উত্থাপন কৰিছে পৰিয়াল তথা আটছাৰ বিষয়ববীয়া সকলে।

লগতে পঢ়ক :  এইবাৰ চিৰাংত আৰক্ষীৰ গুলীত নিহত চুপাৰী কিলাৰ আ‍ব্দুল খালেক

ঘটনাৰ তদন্তৰ বাবে মৃতদেহ উদ্ধাৰ হোৱা ঠাইত উপস্থিত হয় আৰক্ষীৰ উচ্চপদস্ত বিষয়া। ঘটনাৰ সৈতে জড়িত প্ৰতিজন লোকক কঠোৰ শাস্তি বিহিবলৈ ইতিমধ্যে অনুৰোধ জনাইছে পৰিয়াল তথা আটচাৰ জিলাৰ বিষয়-ববীয়া সকলে। তদন্তৰ পিছতে পোহৰলৈ আহিব এয়া হত্যা নে আত্মহত্যা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply