ৰূপহীহাট : নগাঁও জিলাৰ ৰূপহীহাটৰ সোনাই নদীত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ।
সোনাই নৈত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে যুৱক জন মাছ মাৰিবলৈ সোনাই নদীত আহিছিল। মৃত যুৱকজন ৰৌমাৰী গাঁৱৰ আক্কাছ আলী বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি ৰূপহীহাট আৰক্ষীক খবৰ দিয়ে।
লগতে পঢ়ক : ভৱানীপুৰ সমষ্টিৰ পৰা উপ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব মমতা বেনাৰ্জীয়ে
ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিছে। আৰক্ষীয়ে মৃতদেহটো মৰোনত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰিছে।