কামপুৰঃ নগাঁৱৰ কঠিয়াতলী আৰু ৰাঙলুত পৃথকে পৃথকে সংঘটিত হৈছে দুটাকৈ শোকাৱহ ঘটনা । কঠিয়াতলীৰ শৃঙ্গৰাপট্টিত দুটা কৈ শিশুৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য়। মংগলবাৰৰ পৰা সন্ধানহীন হৈ আছিল ভাতৃ-ভগ্নী।
জানিব পৰা মতে, মংগলবাৰে বিয়লি কণমানি দুটাৰ পিতৃ-মাতৃৰ মাজত সৃষ্টি হৈছিল পাৰিবাৰিক সংঘাত।
সংঘাতৰ পাছৰ পৰাই শিশু দুটিৰ সৈতে সন্ধানহীন হৈ আছিল মাতৃ। আজি পুৱা পথাৰলৈ যোৱা লোকে শিশু দুটাৰ মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে কঠিয়াতলী আৰক্ষীক।
আৰু পঢ়কঃসোণাৰিৰ ঢুলীয়া ওজা অজিত গগৈৰ উদ্যোগত থলুৱা লোকবাদ্য সংৰক্ষণ
আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।
ইফালে ৰাঙলুৰ চেংমৰাতো উদ্ধাৰ হৈছে এটি ১০ বছৰীয়া শিশুৰ মৃতদেহ । পথাৰত কাম কৰি থকা মোমায়েকক চাহ দি ঘূৰি আহোতেই খালত পৰি কৰুণ মৃত্যুক সাৱটি লয় শিশুটিয়ে ।
এইদৰে তিনিটা শিশুৰ কৰুণ মৃত্যুয়ে শোকৰ ছাঁ পেলাইছে কঠিয়াতলীৰ শৃঙ্গৰাপট্টি আৰু ৰাঙলুৰ চেংমৰা অঞ্চলত।