মৰাণৰ কচুমাৰি হজোৱাৰ দিৰৈ নৈত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে । মহিলাগৰাকী মৰাণ ককৰামৰাৰ মামনি গড় (২৫) বুলি চিনাক্ত কৰা হৈছে ।

বৃহস্পতিবাৰে আবেলি কচুমাৰি ঘিলাগুৰিৰ নিজা পিতৃগৃহলৈ বুলি ওলাই আহিছিল মহিলা গৰাকী । ইয়াৰ পিছতে আজি পুৱা ৰহস্যজনকভাৱে দিৰৈ নৈত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ ।

মহিলা গৰাকীক কোনো লোকে হত্যা কৰি দিৰৈ নৈত পেলাই দিয়াৰ সন্দেহ কৰিছে স্থানীয় লোকে । মৰাণহাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে । 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply