তিনিদিনৰ পিছত উদ্ধাৰ হ'ল শিৰোমণি বৰাৰ মৃতদেহ

মৰাণঃ গৰুবিহু দিনাই সন্ধানহীন হৈ থকা যুৱক শিৰোমণি বৰাৰ মৃতদেহ তিনিদিনৰ পিছত আজি উদ্ধাৰ হয় । গৰু বিহুৰ দিনা বুঢ়ী দিহিং নদীত গা ধুবলৈ গৈ শিৰোমণি বৰা আৰু চানু খনিকৰ নিৰুদ্দেশ হৈছিল ।

নিৰুদ্দেশ হোৱাৰ দিনাই এছডিআৰএফ বাহিনীয়ে চানু খনিকৰৰ মৃতদেহ নদীৰ মাজৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল যদিও ডিব্ৰুগড়ৰ বাঁহবাৰী গাঁৱৰ শিৰোমণি বৰা নিৰুদ্দেশ হৈ আছিল ।

এছডিআৰএফ বাহিনীয়ে অভিযান চলাই শিৰোমণি বৰাক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল যদিও অৱশেষত শুকুৰবাৰে পুৱা পৰিয়ালৰ লোকে নদীত উপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,677 other subscribers

Leave a comment

Leave a Reply