গোলাঘাট: অৱশেষত চাৰিদিনৰ পিছত উদ্ধাৰ হ’ল নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ অভিযন্তা ৰক্তিম বৰুৱাৰ মৃতদেহ। গোলাঘাটৰ দচমুৱা হাহঁচৰা অঞ্চলত ধনশিৰি নদীত উপঙি থকা অৱস্থাত মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় লোকে।
উল্লেখ্য যে, দেওবাৰে গোলাঘাটৰ থুৰামুখৰ ধনশিৰি পাৰত পৰিয়ালৰ লোকৰ সৈতে বনভোজ খাবলৈ গৈ ৰক্তিম বৰুৱা নদীৰ বুকুত নিখোজ হৈছিল।
তাৰপাছতে এছডিআৰএফ আৰু এনডিআৰএফে উদ্ধাৰ অভিযান চলাইছিল যদিও কোনো শুংসূত্ৰ পোৱা নাছিল অভিযন্তা গৰাকীৰ। আৰু অৱশেষত চাৰিদিনৰ পাছত উদ্ধাৰ হ’ল তেওঁৰ মৃতদেহ।
বৰ্তমান আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ৰক্তিম বৰুৱাৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।
লগতে পঢ়ক- গোৱালপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত দুজন