গুৱাহাটী : মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ। নুনমাটিত উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো পুৰুষৰ।
নুনমাটিৰ চূণচালিত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত উদ্ধাৰ হৈছে এটা অৰ্ধগলিত মৃতদেহ। চূণচালিৰ পাৰৰ ব্ৰহ্মপুত্ৰ নদীত সৃষ্টি হোৱা চৰৰ মাজত থকা ঘন জংগলত উদ্ধাৰ হৈছে অৰ্দ্ধগলিত মৃতদেহটো।
ব্ৰহ্মপুত্ৰৰ চৰত খেতি কৰা লোকে প্ৰথমে মৃতদেহটো প্ৰত্যক্ষ কৰি নুনমাটি আৰক্ষী থানা আৰু নদী আৰক্ষীক খবৰ দিয়ে।।ঘটনাস্থলীত নুনমাটি আৰক্ষী থানাৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
লগতে পঢ়ক : চৰাইদেউ জিলাত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়া আৰম্ভ
উদ্ধাৰ হোৱা মৃতদেহটো অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি বহু দিনৰ পৰা মৃতদেহটো পৰি থকা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। মৃতদেহটো পুৰুষৰ বুলি জানিব পৰা গৈছে।