গুৱাহাটী : মহানগৰীৰ বশিষ্ঠৰ পাথৰকুচিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পাথৰকুচিত পিটনিৰ মাজত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ অৰ্ধগলীত মৃতদেহ। ঘটনাস্থলীত বশিষ্ঠ আৰক্ষীৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই মৃতদেহ উদ্ধাৰ হোৱা যুৱতী গৰাকীৰ পৰিচয়।
গুৱাহাটী মহানগৰীৰ বশিষ্ঠস্থিত অসম-মেঘালয় সীমান্তৰ পাথৰকুচিত এগৰাকী যুৱতীৰ অৰ্ধগলীত মৃতদেহ উদ্ধাৰ হোৱাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অসম-মেঘালয়ৰ সীমান্তৰ অঞ্চলটোৰ এটি পিটনিত উদ্ধাৰ হৈছে যুৱতী গৰাকীৰ অৰ্ধগলীত মৃতদেহ।
মঙলাবাৰে কেইজনমান স্থানীয় ৰাইজে পিটনিত মাজত এগৰাকী যুৱতীৰ অৰ্ধগলীত মৃতদেহ প্ৰত্যক্ষ কৰে। ৰাইজে ঘটনা সংক্ৰান্তত আৰক্ষীক খবৰ দিয়াত বশিষ্ঠ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। বৰ্তমানলৈকে মৃতদেহ উদ্ধাৰ হোৱা যুৱতী গৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই।
উল্লেখ্য যে যোৱা ১০ এপ্ৰিলত পাথৰকুচি অঞ্চলৰ এগৰাকী প্ৰায় ২০ বছৰীয়া যুৱতী সন্ধানহীন হৈছিল। যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে এই সম্পৰ্কে এক গোচৰ ৰুজু কৰিছিল। ৰাইজে মৃতদেহটো সন্ধানহীন হোৱা যুৱতী গৰাকীৰ বুলি সন্দেহ প্ৰকাশ কৰিছে যদিও আৰক্ষীৰ তদন্তৰ পিছতে যুৱতী গৰাকীৰ প্ৰকৃত পৰিচয় জানিব পৰা যাব।