গুৱাহাটী : মহানগৰী গুৱাহাটীৰ মাজ মজিয়াত থকা ঐতিহাসিক দীঘলীপুখুৰীত মৃত্যুৰ মুখত পৰিছে মাছ। দীঘলীপুখুৰীৰ বুকুত ওপঙি উঠিছে শ শ মৃত মাছ। পুৱাৰ ভাগতে দেখিবলৈ পোৱা যায় দীঘলীপুখুৰীৰ পানীত শ শ মৃত মাছ ওপঙি থকা। পিছে এই ঐতিহাসিক পুখুৰীৰ ইমান সংখ্যক মাছ কেনেকৈ মৃত্যুৰ মুখত পৰিল ?

দেওবাৰে মহানগৰী গুৱাহাটীৰ দীঘলীপুখুৰীত শ শ মাছ মৃত্যুৰ মুখত পৰে। পুৱাৰ ভাগতে পুখুৰীৰ পানীত শ শ সৰু-ডাঙৰ মৃত মাছ ওপঙি থকা দেখিবলৈ পোৱা যায়। ঐতিহাসিক পুখুৰীখনত বৃহৎ সংখ্যক মাছ অস্বাভাৱিক ভাৱে মৃত্যুৰ মুখত পৰাত প্ৰত্যক্ষ কৰে কেইজনমান স্থানীয় লোকে।

পুখুৰীৰ পানীত মৃত মাছ ভাঁহি উঠা খবৰে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। ঘটনাৰ খবৰ পাই প্ৰশাসনৰ লোক দীঘলীপুখুৰীত উপস্থিত হৈ মাছৰ অস্বাভাৱিক মৃত্যুৰ তদন্ত আৰম্ভ কৰে। মীন বিভাগ, পৰ্যটন বিভাগৰ লোকো উপস্থিত হয় দীঘলীপুখুৰীত। প্ৰশাসনৰ লোকে নাওঁ লৈ পুখুৰীৰ পানীৰ পৰা শ শ মৃত মাছ উদ্ধাৰ কৰে।

ইফালে মীন বিভাগৰ লোকে জানিবলৈ দিয়ে যে দীঘলীপুখুৰীৰ পানীত অক্সিজেনৰ মাত্ৰা হ্ৰাস পোৱাৰ ফলত এইদৰে মাছ মৃত্যুৰ মুখত পৰিছে। প্ৰশাসনৰ লোকে দীঘলীপুখুৰীৰ পানীত অক্সিজেনৰ মাত্ৰা বৃদ্ধি কৰাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা দেখিবলৈ পোৱা যায়।

উল্লেখ্য যে ক’ভিড মহামাৰীৰ ফলত দীঘলীপুখুৰী বিগত কেইবামাহ ধৰি বন্ধ হৈ আছে। বন্ধৰ এই সময়ছোৱাত দীঘলীপুখুৰীৰ পাৰ আৱৰ্জনাৰে ভৰি পৰা দেখিবলৈ পোৱা যায়। মাছৰ এইদৰে অস্বাভাৱিক মৃত্যুৰ পিছত দীঘলীপুখুৰী পৰিষ্কাৰ কৰাত লাগি পৰে দীঘলীপুখুৰী পৰিচালনাৰ লগত জড়িত লোক সকল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply