নিউজ ডেস্কঃ বটদ্ৰৱাত থানা জ্বলাই দিয়াৰ পাছত চলোৱা উচ্ছেদ অভিযানক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। সাংবাদিকৰ আগত বিৰোধী দলপতিগৰাকীয়ে কয় যে নগাওঁ আৰক্ষীয়ে আইন উলংঘা কৰিছে।

দেৱব্ৰত শইকীয়াই লগতে কয়- ”আমাৰ দেশখন গণতান্ত্ৰিক দেশ। আমাৰ সংবিধান আছে। সংবিধানত বিভিন্ন অধিকাৰ আছে। এতিয়া দেখা গৈছে বটদ্ৰৱাত যোৱা কিছুদিনত যিবোৰ ঘটনা সংঘটিল হ’ল, সেয়া সংবিধান আৰু জনগণৰ স্বাৰ্থৰ পৰিপন্থী কাম হৈছে। প্ৰথমে সংবিধানে দোষীক শাস্তি দিয়াৰ ব্যৱস্থা আছে। তাৰ বাবে ন্যায় ব্যৱস্থা আছে। আৰক্ষীয়ে কেতিয়াও বিচাৰ নোহোৱাকৈ শাস্তি দিব নোৱাৰে। আৰক্ষীয়ে দোষীক ধৰি বিচাৰৰ বাবে লৈ যাব লাগে।”

”আটাইতকৈ ডাঙৰ ঘটনাটো হৈছে যে এজন ব্যক্তিৰ আৰক্ষীৰ জিম্মাত মৃত্যু হৈছে। পাছত ডিজিপি অফিচৰ পৰা কিবা এটা ষ্টেটমেন্ট আহিছে। কিন্তু ডিজিপি ডাঙৰীয়াই প্ৰথমে বাইট দিওঁতে আৰক্ষীৰ জিম্মাত এজন ব্যক্তিৰ মৃত্যু হৈছে বুলি কৈছে। যোৱা সময়চোৱাত আইন বিৰোধীভাৱে আৰক্ষীৰ হাতত মৃত্যু হোৱা ঘটনা অসমত যথেষ্ট বেছি হৈছে। আইন শৃংখলা পৰিস্থিতিও যথেষ্ট বেয়া হৈছে। আৰু আৰক্ষীয়ে নিজৰ থানাখন কিয় ৰক্ষা কৰিব নোৱাৰিলে সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন।”- বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে বিৰোধী দলপতিগৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply