গুৱাহাটীঃ বিৰোধী দলপতি দেব্ৰবত শইকীয়াই মণিপুৰৰ ভূমিস্খলনত প্ৰাণ হেৰুওৱা আৰু আহত হোৱা অসমৰ লোকসকলৰ বাবে ক্ষতিপূৰণ বিচাৰি তথা উত্তৰ-পূবত বৰ্তমানে চলি থকা ৰেলপথ সম্প্ৰসাৰণৰ প্ৰকল্পসমূহৰ পুনৰীক্ষণ দাবী কৰি প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় ৰেলমন্ত্ৰী আৰু ৰেলমন্ত্ৰীলৈ পৃথকে পৃথকে পত্ৰ প্ৰেৰণ কৰে। প্ৰধানমন্ত্ৰীৰ বিশেষ সাহাৰ্য্য নিধিৰ অধীনত মৃতকৰ পৰিয়াললৈ ২৫লাখ আৰু আহতসকলৰ পৰিয়াললৈ ১০লাখ টকাৰ সাহাৰ্য্য দাবী কৰি প্ৰেৰণ কৰা পত্ৰত শইকীয়াই জনাই যে মণিপুৰৰ দুৰ্ঘটনাৰ প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে ৰেল বিভাগৰ গাফিলতিৰ কথা। প্ৰাৰম্ভিক অৱস্থাতে মাটিৰ গুণাগুণ সম্পৰ্কীয় পৰীক্ষাৰ ফলসমূহক গুৰুত্বসহকাৰে নোলোৱাৰ ফলত এনে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে বুলি অভিযোগ কৰি ৰেলমন্ত্ৰীক বিভাগীয় নিধিৰ অধীনত অতি সোনকালে সাহাৰ্য্য মোকলাই দিবলৈ দাবী জনায়। তদুপৰি বৰ্তমানে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত চলি থকা ৰেলপথ সম্প্ৰসাৰণপ প্ৰকল্প সমূহৰ এক বিভাগীয় পুনৰীক্ষণ দাবী কৰি শইকীয়াই জনাই যে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত চলি থকা ৰেলপথ সম্প্ৰসাৰণৰ প্ৰকল্প সমূহৰ এক বিভাগীয় পুনৰীক্ষণৰ দাবী কৰি শইকীয়াই জনাই যে উত্তৰ-পূৰ্বাঞ্চলৰ দৰে ভুতাত্বিক দিশৰ পৰা অতি সংবেদনশীল অঞ্চলত দুৰ্যোগ প্ৰশমনৰ দিশটোক বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। এইক্ষেত্ৰত এক বিভাগীয় পদক্ষেপ অতি সোনকালে গ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী তথা ৰেলমন্ত্ৰীক সজোৰে দাবী জনাই সততে বিক্ষানসন্মত দিশসমূহৰ প্ৰতি জনমত গঢ়াত বিশেষ গুৰুত্ব প্ৰদান কৰা দেৱব্ৰত শইকীয়াই।

তদুপৰি বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ নিবনুৱা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত চৰম বিফলতাৰ সন্মুখীন হোৱা পৰিপ্ৰেক্ষিতত এনেদৰে অসমৰ যুৱকে বিভিন্ন ওচৰ-চুবুৰীয়া ৰাজ্যত বিপদজনক পৰিস্থিতিত শ্ৰমিক হিচাপে নিজকে নিয়োগ কৰিবলৈ বাধ্য হৈছে বুলি অভিযোগ কৰে বিৰোধী দলৰ দলপতিগৰাকীয়ে। পাঁচ বছৰত ২৫লাখ আৰু এক বছৰত ১লাখ চাকৰি প্ৰদান কৰিম বুলি দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ কেৱল নিৰ্বাচনী চমক আছিল নেকি বুলি প্ৰশ্ন কৰি দলপতি গৰাকীয়ে পত্ৰখনত জনাই যে নিয়োগ সৃষ্টিক দিশত যুগান্তকাৰী পৰিৱৰ্তন অনা বুলি বিশ্বজুৰি চৰ্চিত এনৰেগাৰ দৰে গুৰুত্বপূৰ্ণ আঁচনিৰ সোপাধিলা ৰূপায়ণ তথা বিগত ৬বছৰে বিজেপি চৰকাৰে নিবনুৱা সমস্যাৰ সমাধানৰ বাবে প্ৰণয়ন কৰা সমূহ আঁচনিৰ বিফলতাৰ বাবেই আজি অসমত নিবনুৱাৰ হাৰ দেশৰ ভিতৰতে সৰ্বাধিক হোৱাৰ দিশে।

এই বিফলতাৰ নৈতিক দায়িত্ব গ্ৰহণ কৰি অসম চৰকাৰেও মুখ্যমন্ত্ৰীৰ বিশেষ সাহাৰ্য্য নিধিৰ অধীনত মৃতকৰ পৰিয়ালক ১০লাখ আৰু আহতৰ পৰিয়াললৈ ৫লাখ টকাৰ সাহাৰ্য্য ঘোষণা কৰিবলৈ এই পত্ৰৰ যোগেদি শইকীয়াই দাবী জনায়। লগতে উদ্ধাৰ কাৰ্য্য খৰতকীয়া কৰি অদ্যপি সন্ধানহীন অসমৰ প্ৰত্যেকজন ব্যক্তিক উদ্ধাৰ কৰিবৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply