গুৱাহাটী : হিমন্ত বিশ্ব শৰ্মা নেতৃত্বতধীন ৰাজ্যৰ বিজেপি চৰকাৰখন তীব্ৰ আক্ৰমণ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। ‘সবকা সাথ সবকা বিকাশ’ৰ নামত বিৰোধীক হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে প্ৰতাৰণা কৰাৰ অভিযোগ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ।
বিৰোধী দলপতি গৰাকীয়ে কয় যে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিৰে উন্নয়ন কৰাৰ সংবিধানৰ শপত গ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই চৰকাৰখনে মাত্ৰ নিজ দলৰ বিধায়ক থকা সমষ্টি সমূহতহে বেছি গুৰুত্ব দিয়া দেখিবলৈ পোৱা গৈছে। বিশেষকৈ আগন্তুক উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি থাওৰা, মৰিয়নী, ভৱানীপুৰ এই সমষ্টিকেইটাত চৰকাৰৰ ৩-৪ জনকৈ মন্ত্ৰী উপস্থিত হৈ আধাৰশিলা স্থাপন কৰি থকাৰ খবৰ মিডিয়াৰ যোগেদি প্ৰকাশিত হৈছে।
লগতে পঢ়ক : ৰাজ্যজুৰি জাতীয় পৰিষদৰ ‘জাতীয় গৰ্জন’ কাৰ্যসূচী
যদিও আধাৰশিলা স্থাপন কৰি, প্ৰলোভন দেখুৱাই ৰাইজক প্ৰতাৰণা কৰাটো বিজেপি দলৰ এক বৈশিষ্ট্য। বজাৰত, তেঙা আমত ভিন্ন ৰঙ মিহলাই ভিন্ন সময়ত বিক্ৰী কৰাত তেওঁলোক সিদ্ধহস্ত বুলিও কয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। ৰাজ্যৰ উন্নয়নমূলক কামত বিৰোধী বিধায়ক থকা সমষ্টিক আওকাণ কৰি মাত্ৰ ভোট দখল কৰাৰ উদ্দেশ্যে বিজেপি দলৰ প্ৰতিনিধি থকা সমষ্টিক বিশেষ গুৰুত্ব দিয়াটো সাংবিধানিক মূল্যবোধৰ ওপৰত কুঠাৰাঘাট। মুখ্যমন্ত্ৰীক সাংবিধানিক মূল্যবোধক প্ৰাধান্য দি সকলো সমষ্টিৰ ৰাইজৰ উন্নয়নৰ হকে কাম কৰি যাবলৈ আহ্বান জনায় দেৱব্ৰত শইকীয়াই।