গুৱাহাটী : ৰহাৰ কংগ্ৰেছ দলৰ বিধায়ক শশীকান্ত দাসৰ সিদ্ধান্তই খলকনি তুলিছে কংগ্ৰেছ দলৰ মাজত। বিধায়ক শশীকান্ত দাসৰ সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ দলে। কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া এই সন্দৰ্ভত কয় শশীকান্ত দাসক দলে প্ৰদান কৰা সন্মানৰ প্ৰত্যুত্তৰ এনেকৈ দিব ভবা নাছিলো।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়া কয় যে শশীকান্ত দাসে বেয়া সময়ত কংগ্ৰেছ কৰিছিল। কংগ্ৰেছ কৰাৰ বাবে এটা সময়ত তেওঁক আলফাই ডিঙিলৈকে পুতি থৈছিল। তেওঁৰ ত্যাগক সন্মান জনাই দলে তেওঁক টিকট প্ৰদান কৰিছিল। শশীকান্ত দাসৰ ত্যাগক দলে জনোৱা সন্মানৰ প্ৰত্যুত্তৰ তেওঁ এনেকৈ দিব ভবা নাছিলো বুলিও কয় দেৱব্ৰত শইকীয়াই।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই লগতে কয় যে শশীকান্ত দাসৰ সন্দৰ্ভত দলে সিদ্ধান্ত লব। সভাপতিৰ লগত আলোচনা কৰি শশীকান্ত দাসৰ সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব বুলি কয় দেৱব্ৰত শইকীয়াই। উল্লেখ্য যে ৰহাৰ কংগ্ৰেছ দলৰ বিধায়ক শশীকান্ত দাসে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে।

লগতে পঢ়ক : ৩১ ডিচেম্বৰৰ পৰা বন্ধ হ’ব আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভ সেৱা

ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে ৰহাৰ বিধায়কজন চৰকাৰৰ পক্ষত থাকিব। বিধানসভাৰ প্ৰথম দিনটোত গামোছা পিন্ধাই মুখ্যমন্ত্ৰীয়ে আদৰণি জনায় ৰহাৰ কংগ্ৰেছ দলৰ বিধায়ক শশীকান্ত দাসক। এতিয়াই বিধায়কজনে বিজেপিত যোগদান নকৰে। বিধায়কজনে বিধায়ক পদো ত্যাগ নকৰে যদিও চৰকাৰৰ পক্ষত থাকিব বিধায়কজন বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply