গুৱাহাটী : অসম মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তৰ দ্বাৰা চলোৱা গুলীত অসম আৰক্ষীৰ ৬ জনকৈ জোৱান নিহত হোৱাৰ উপৰিও কেইবাজনো আৰক্ষী তথা সাধাৰণ লোক আহত হোৱা ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলপতি গৰাকীয়ে কয় “আক্ৰমণকাৰীক যদিও মিজো দুৰ্বৃত্ত বুলি কোৱা হৈছে, মোৰ অনুভৱ হয়, এয়া খুব সম্ভৱ মিজো আৰক্ষীয়ে হ’ব।
আজিৰ পৰা প্ৰায় ৯ মাহ পূৰ্বাই মিজো আৰক্ষীৰ সহযোগিতাত মিজো লোকে অসমৰ ভূমি বেদখল কৰি আহিছে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আৰু কয় “মই নিজেও সেই অঞ্চল পৰিভ্ৰমণ কৰিছিলোঁ আৰু কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ হস্তক্ষেপ বিচাৰি দাবী জনাইছিলোঁ। কিন্তু আমাৰ কথা চৰকাৰে নুশুনিলে তাৰ ফলশ্ৰুতিত আজিৰ এই ঘটনা সংঘটিত হৈছে। চলি থকা অসম বিধানসভাৰ বাজেট অধিৱেশনতো মই সোধা এক প্ৰশ্ন উত্তৰত জনোৱা হৈছিল যে, ২০১৬ চনৰ পৰা এতিয়ালৈকে চুবুৰীয়া ৰাজ্যৰ লোকে ২০৯ বাৰ অসমৰ ভূমিত আগ্ৰাসন কৰিছে। মই ইয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীক তাৎক্ষণিকভাৱে এই ঘটনাৰ তদন্ত কৰি দোষীক উচিত শিক্ষা দিয়াৰ উপৰিও সীমান্ত অঞ্চলৰ ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাইছোঁ।”
লগতে পঢ়ক : ‘নেডা’ চৰকাৰ থকা স্বত্বেও কিয় নিস্পত্তি হোৱা নাই অসম-মিজোৰাম সীমা সমস্যা : অজাপ
উল্লেখ্য যে অসম-মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তৰ গুলীত প্ৰাণ হেৰুৱাইছে অসম আৰক্ষীৰ ৬ জনকৈ জোৱান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰিছে এই কথা। অসম মিজোৰাম সীমান্তৰ লাইলাপুৰত সংঘটিত হোৱা এই ঘটনাত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। দীর্ঘদিন ধৰি অসম-মিজোৰামৰ সীমান্ত উত্তেজনা বিৰাজ কৰি আছে।