গুৱাহাটী : কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ অসম ভ্ৰমণক নিৰাশাজনক বুলি আখ্যা দিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। গৃহমন্ত্ৰীৰ ভাষণ সন্দৰ্ভত বিৰোধী দলপতি গৰাকীয়ে কয় যে গৃহমন্ত্ৰী অমিত শ্বাহ ভাষণত যদিও বিজেপি দলৰ চৰকাৰখনৰ ঢাক ঢোল পিটিলে, কিন্তু অসমৰ ৰাইজে ভালকৈ জানে যে, যোৱা সময়ছোৱাত যদিও ৩৫ গৰাকীতকৈও অধিক কেন্দ্ৰীয় মন্ত্ৰীয়ে অসম ভ্ৰমণ কৰিলে, অসমৰ ৰাইজে তেওঁলোকৰ পৰা বিশেষ কোনো আঁচনি বা অসমত বিশেষ কোনো উন্নতি হোৱা দেখা নাপালে।
দেৱব্ৰত শইকীয়াই আৰু কয় যে যিটো সময়ত সমগ্ৰ ৰাজ্যৰে জনসাধাৰণ ক’ভিড মহামাৰীৰ দুৰ্যোগত দিন অতিবাহিত কৰিবলগীয়া হৈছে, তেনে সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ ভ্ৰমণে অসমলৈ কিছু আশাৰ বাতৰি আনিব বুলি ভাৱিছিলোঁ। বিশেষকৈ অইন ৰাজ্য সমূহৰ নিচিনাকৈ আৰ্থিক পেকেজ অসমলৈ লৈ আনিব বুলি মোৰ লগতে ৰাইজেও নিশ্চয় ভাৱিছিল। আমি ভাৱিছিলোঁ, চাহ শ্ৰমিক সকলক দিয়া মজুৰি বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিয়াবলৈ আহিব, বানপানী নিয়ন্ত্ৰণৰ বাবে নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিবলৈ আহিব! কিন্তু মাত্ৰ তামোলপুৰ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰি কিম্বা কেন্সাৰৰ চিকিৎসাৰ বাবে এটা ব্লকৰ উদ্ধোধন কৰিলে। যিটো প্ৰকল্প আগৰেপৰাই চলি আছিল। অৰ্থাৎ, নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি সমূহ এতিয়া ভুৱা প্ৰতিশ্ৰুতিলৈ ৰূপান্তৰিত হ’ল।
থিক তেনেদৰেই তেখেতৰ ভাষণত যদিও ক’লে সৰ্বানন্দ সোণোৱাল এজন সফল মুখ্যমন্ত্ৰী আছিল, তেন্তে তেওঁক আঁতৰলে কিয়? যদি তেখেত সফলে আছিল, বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আগৰ চৰকাৰৰ দিনত হাজাৰ কোটি টকাৰ ছিণ্ডিকেট, গৰুৰ চোৰাং সৰবৰাহ তথা অবৈধ ড্ৰাগছৰ কেলংকাৰী হৈ আছিল বুলিও মন্তব্য কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। থিক তেনেদৰেই অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে কিছুদিন পূৰ্বে ৰাইজক দেখুওৱাবলৈ বাথা নামৰ এজন উগ্ৰপন্থী নেতাক আত্মসমৰ্পন কৰাই ৱাহ ৱাহ লোৱাৰ প্ৰচেষ্টা কৰিছিল। কিন্তু তেওঁ নিজেই এক সাক্ষাৎকাৰত কৈছে, যোৱা সময়চোৱাত তেওঁক অসম পুলিচে এৰি দিছিল বুলিও কয় দেৱব্ৰত শইকীয়াই।
লগতে পঢ়ক : ডিজেলৰ মূল্য বৃদ্ধি,মতা গৰুৰ বিতৰ্কই বিপাঙত পেলাইছে কৃষকক
গতিকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ তথা মুখ্যমন্ত্ৰীৰ বৰ্তমান ৰাইজক দেখুওৱাবলৈ কৰি থকা কামৰ উদ্দেশ্য এটাই অসমৰ ৰাইজৰ মন ভুলোৱা। যিহেতু অসমত উপ-নিৰ্বাচন সমাগত সেই বাবেই এইবোৰ বুলিও মন্তব্য কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।