আমিনগাঁও : কামৰূপ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জিলা ভিত্তিত বক্তৃতা প্ৰতিযোগিতা। কামৰূপ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জিলা ভিত্তিত কামৰূপ জিলাৰ ১৮ ৰ পৰা ২৯ বছৰ বয়সৰ যুৱক-যুৱতীসকলৰ মাজত এখনি বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷

গুৱাহাটীৰ বৰিপাৰাস্থিত পশ্চিম গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত এই প্ৰতিযোগিতাখনত কামৰূপ জিলাৰ চৈধ্যটা উন্নয়নখণ্ডৰ পৰা মুঠ ১৭ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে৷ প্ৰতিযোগিতাৰ বিষয় আছিল ‘দেশপ্ৰেম আৰু ৰাষ্ট্ৰ নিৰ্মাণ’৷

ৰঞ্জন হাজৰিকাই পৰিচালনা কৰা প্ৰতিযোগিতাখনত পশ্চিম গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ ডঃ এইচ কে নাথ মুখ্য অতিথি, নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ ৰাজ্যিক সঞ্চালক ছৈয়দ আলী আৰু কামৰূপ জিলা নেহৰু যুৱ কেন্দ্ৰৰ গাণনিক বিষয়া গোপীনাথ দাস সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে৷ ভাষণ প্ৰসংগত ডঃ নাথে নেহৰু যুৱ কেন্দ্ৰ সংগঠনে উঠি অহা যুৱক-যুৱতীসকলৰ বাবে দিশ নিৰ্দেশকৰ ভূমিকা পালন কৰি আহিছে বুলি উল্লেখ কৰে৷

আনহাতে ৰাজ্যিক সঞ্চালক আলীয়ে দেশৰ প্ৰতি ভক্তি থাকিলেহে দেশ এখন সুস্থ সবল ৰূপে গঢ়ি তোলাত অৰিহনা আগবঢ়াব পাৰি বুলি ভাষণ প্ৰসংগত মত পোষণ কৰে৷ কামৰূপ জিলা নেহৰু যুৱ কেন্দ্ৰৰ সদস্যসকলৰ সক্ৰিয় সহযোগিতাত সফলতাৰে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাখনৰ সৌষ্ঠৱ বদ্ধৰ্ন কৰি জিলাখনৰ বিভিন্ন উন্নয়ন খণ্ডৰ বহু ব্যক্তি উপস্থিত থাকে৷

লগতে পঢ়ক :  পুনৰ ৰে’লৰ খুন্দাত মৃত্যু বনৰীয়া হাতীৰ

এই বক্তৃতা প্ৰতিযোগিতাত ৰামপুৰ উন্নয়ন খণ্ডৰ ৰিমলি ৰিছা পাঠকে প্ৰথম স্থান, হাজো উন্নয়ন খণ্ডৰ জিতুমণি ভূঞাই দ্বিতীয় স্থান আৰু চয়ানী বৰদুৱাৰ উন্নয়ন খণ্ডৰ সুস্মিতা কুমাৰীয়ে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়৷ অনুষ্ঠানৰ শেষত প্ৰথম তিনিটা স্থান দখল কৰা প্ৰতিযোগী কেইগৰাকীক বঁটা প্ৰদান কৰা হয়৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply