নিউজ ডেস্কঃ দেশব্যাপী সংহাৰী ৰূপ লৈছে কৰোনাৰ দ্বিতীয় ঢৌৱে। দৈনিক বাঢ়িছে কৰোনাত আক্ৰান্তৰ সংখ্যা। মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সংখ্যাও বৃদ্ধি পাইছে।
গুৱাহাটী মহানগৰীত অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ৰোনা ভাইৰাছত আক্রান্তৰ সংখ্যা ৷
গুৱাহাটীত ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাত চৰকাৰৰ নির্দেশ মর্মে জিলা প্রশাসনে মহানগৰীত আঠটা ৱাৰ্ড হটস্পট হিচাপে চিনাক্ত কৰিছে।
হটস্পটৰ তালিকাত থকা অঞ্চলকেইটাৰ ভিতৰৰ ৮, ১৬, ২৮ নং ৱাৰ্ডত বৃহস্পতিবাৰৰ পৰা কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে প্ৰশাসনে যাতে এই অঞ্চলকেইটাৰ পৰা ক’ভিড সংক্রমণ বেলেগ অঞ্চললৈ সংক্ৰমিত হ’ব নোৱাৰে ।
গুৱাহাটী মহানগৰীৰ ভিতৰত সর্বাধিক লোক আক্রান্ত হৈছে ২৮নং ৱার্ডত৷ কামৰূপ মহানগৰ জিলা প্রশাসনে প্রকাশ কৰা তথ্য অনুসৰি যোৱা ২৭ এপ্রিলৰ পৰা ৩ মে’লৈকে ২৮নং ৱার্ডত সর্বমুঠ ৭২৩গৰাকী লোকৰ দেহত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰিছে৷ উক্ত ৱার্ডটোক সামৰি লোৱা অঞ্চলকেইটা হৈছে বেলতলা, বশিষ্ঠ, মৈদামগাঁও, বৰমটৰীয়া ৷
কৰোনাত আক্রান্ত লোকৰ সংখ্যাৰে দ্বিতীয় স্থানত আছে ১৬নং ৱার্ড ৷ জিলা প্রশাসনে এই ৱার্ডৰ অন্তর্গত ফটাশিল আমবাৰী, ভাস্কৰনগৰ, বর্ষাপাৰা আৰু ধীৰেনপাৰা অঞ্চলত ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ কথা প্রকাশ কৰিছে ৷
তৃতীয় স্থানত আছে ৮নং ৱার্ড ৷ উক্ত ৱার্ডটোৰ ভূতনাথ, কুমাৰপাৰা, এ টি ৰোড, মাছখোৱা আৰু আঠগাঁও অঞ্চলত ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ তথ্য প্রকাশ কৰিছে জিলা প্রশাসনে ৷
এই সময়খিনিত কন্টেইনমেন্ট জ’নত কোনো লোক অহা-যোৱা কৰিব নোৱাৰিব। কেৱল জৰুৰীকালীন সেৱা চলি থাকিব লগতে ফাৰ্মাচী, পশুখাদ্য-ঔষধৰ বিপনী খোলা থাকিব।
চৰকাৰী-বেচৰকাৰী কাৰ্য্যালয়, ব্যৱসায়ী প্ৰতিষ্ঠান আৰু শিক্ষানুষ্ঠান বন্ধ থাকিব আৰু ক’ভিড প্ৰ’টকল ৰক্ষা কৰি বেংক আৰু এটিএম সেৱা খোলা থাকিব।
কন্টেইনমেন্ট জ’নত গেলামালৰ দোকান, গাখীৰ আৰু ফল-মূলৰ বিপনী পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১২ বজালৈকে খুলিব পাৰিব। গ্ৰাহক আৰু বিক্ৰেতাই মানি চলিব লাগিব সামাজিক দূৰত্ব।