নিউজ ডেস্কঃ কালিলৈ অসমলৈ আহি আছে দেশৰ ৰাষ্ট্ৰপ্ৰধান দ্ৰোপদী মুৰ্মু। যাৰ বাবে কামৰূপ মহানগৰত কৰি তোলা হৈছে কটকটীয়া নিপৰাপত্তা। নিৰাপত্তাত যাতে কোনো খুট থাকি নাযায় তাৰ বাবে আজি কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশে এক নিৰ্দেশ জাৰি কৰে ৷
নিৰ্দেশনা অনুসৰি, ৬ আৰু ৭ এপ্ৰিলত কোনোৱে উৰুৱাব নোৱাৰিব ড্ৰোণ। অৰ্থাৎ দুটা দিনৰ বাবে কামৰূপ মহানগৰক ড্ৰ’ন উৰণ নিষিদ্ধ এলেকা (No Drone Fly Zone) হিচাপে ঘোষণা কৰা হৈছে ৷
ইফালে, ১৪ এপ্ৰিলত গুৱাহাটীলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ সময়তো অৰ্থাৎ ১৩ আৰু ১৪ এপ্ৰিলত No Drone Fly Zone হিচাপে ঘোষণা কৰা হৈছে একেখন জাননীৰ দ্বাৰা।
উল্লেখযোগ্য যে, ১৯৯২ চনত আৰম্ভ হোৱা হস্তী প্ৰকল্পৰ ৩০ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে অহা ৭ আৰু ৮ এপ্ৰিলত কাজিৰঙাত অনুষ্ঠিত কৰা হৈছে গজ মহোৎসৱ।এই গজ মহোৎসৱতেই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৷
কালিলৈ অৰ্থাৎ ৬ এপ্ৰিলত কাজিৰঙাত উপস্থিত হৈ ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত জীপ ছাফাৰীৰে কৰিব আৰু হাতী সংৰক্ষণৰ প্ৰদৰ্শনী মুকলি কৰিব ৷ পিছদিনা অৰ্থাৎ ৭ এপ্ৰিলত গজ মহোৎসৱৰ প্ৰথমটো দিনৰ কাৰ্যসূচীত অংশ ল’ব ৰাষ্ট্ৰপতিগৰাকীয়ে।
ইফালে, ১৪ এপ্ৰিলত বিহুক গীনিজ বুক অফ ৱ’ল্ড ৰেকৰ্ডত অন্তভুক্ত কৰাৰ যি প্ৰয়াস অসম চৰকাৰ তাক উপভোগ কৰিবলৈ তথা বহু কেইটা প্ৰকল্প শুভ উদ্ধোধন কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব গুৱাহাটীলৈ । যাৰ বাবে ১৩ আৰু ১৪ এপ্ৰিলতো ড্ৰোণ উৰণত নিষিদ্ধ কৰিছে।
লগতে পঢ়ক – আজি গুৱাহাটীত প্ৰথমবাৰৰ বাবে IPL খেল, সাজু হৈ উঠিছে বৰ্ষাপাৰা ষ্টেডিয়াম