নিউজ ডেস্ক: ৰাজ্যত ২০২২ বৰ্ষত পূৰ্বৰ তুলনাত চাইবাৰ অপৰাধৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাইছে।যোৱা বছৰটোত অসমত ১,৭৮১ টা চাইবাৰ অপৰাধৰ গোচৰ ৰুজু হৈছে। আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই জানিবলৈ দিয়ে।
সোমবাৰে এক সংবাদংমেল সম্বোধন কৰি আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে এই তথ্য দাঙি ধৰি কয় যে ২০২১ চনত ৰাজ্যত ৪,৮৪৬ টা চাইবাৰ অপৰাধৰ ঘটনা সংঘটিত হৈছিল।
তেওঁ লগতে জনোৱা মতে 24X7 চাইবাৰ ফ্ৰড কল চেন্টাৰে ২,১৭৭ টা চাইবাৰ অপৰাধৰ গোচৰত ৬.৪১ কোটি টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আনহাতে, যোৱা বছৰটোত পূৰ্বৰ তুলনাত ৰাজ্যত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ঘটনাও যথেষ্ট হ্ৰাস পাইছে। ২০২১ চনত ৰাজ্যত মহিলাৰ বিৰুদ্ধে ২৯,০৪৬ টা অপৰাধজনিত গোচৰ ৰুজু হোৱাৰ বিপৰীতে ২০২২ চনত এই সংখ্যা ১২,০৩৪ লৈ হ্ৰাস পায়।
একেদৰে শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ সংখ্যা ২০২১ চনৰ ৫২৮২ টাৰ পৰা যোৱা বৰ্ষত ৪,৩০৬টালৈ হ্ৰাস পাইছে। আনহাতে, মানৱ সৰবৰাহৰ ঘটনা ২০২১ চনৰ ২০৩ টাৰ পৰা ২০২২ চনত ৯৬ টালৈ হ্ৰাস পাইছে বুলি আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে লগতে কয়।
লগতে পঢ়ক – মঙলদৈত আৰক্ষীৰ বৃহৎ বাইক ৰেলী