নগাঁও বাইপাছত ডকাইতৰ তাণ্ডব

নগাঁও : সোমবাৰ নিশা নগাঁও বাইপাছত ডকাইতৰ তাণ্ডব ৷ গাড়ী চালকৰ হাতত ধন নথকাত ভিক্ষাৰী বুলি কৈ গুলী চলোৱাৰ ঘটনা ঘটিছে নগাওঁ বাইপাছত ৷ ডকাইতৰ এই গুলিচালনাত আহত হৈছে সুমন দাস নামৰ এজন যুবক ৷ ডিঙিত গুলি লগা সুমনক উন্নত চিকিৎসাৰ বাবে নগাঁৱৰ পৰা প্ৰেৰণ কৰা হৈছে গুৱাহাটীলৈ।

নগাঁও বাইপাছৰ ঝাৰনি গাঁও নামৰ ঠাইত ডকাইতৰ দলে সংঘটিত কৰে এই গুলীচালনাৰ ঘটনা ৷জানিব পৰা মতে, গুৱাহাটী বৰাগাঁৱৰ পৰা হাফলঙৰ অভিমুখে অনলাইনৰ সামগ্ৰী কঢ়িয়াই অনা কুৰিয়াৰ চাৰ্ভিছৰ AS 25EC 6515 নম্বৰৰ বাহন খন নিশা নগাঁও বাইপাছত এটা১২ জনীয়া দলে আগভেটি ধৰে ৷ ডকাইতৰ দলটোয়ে গাড়ী চালক সুমন আৰু তেওঁৰ লগত থকা হৰ্ষজিৎ দাসৰ পৰা মানিবেগ আৰু ম’বাইল কাঢ়ি নিয়াৰ লগতে অধিক ধন বিচাৰি ভাবুুকি প্ৰদান কৰে । কিন্তু লগত আৰু পইছা নাই বুলি সুমনে মন্তব্য কৰাত গুলীচালনা কৰে ডকাইতৰ দলটোয়ে ৷

চালক সুমনে অধিক ধন নাই বুলি কোৱাত ডকাইতৰ দলটোয়ে ভিক্ষাৰী বুলি কৈ চালকজনৰ ডিঙিলৈ গুলী কৰাত সুমন বাগৰি পৰে ৷ ইয়াৰ পিছতে ডকাইতৰ দলটো সেই স্থানৰ পৰা পলাই যায় ৷ আৰক্ষী ঘটনাস্হলীত উপস্থিত হৈ গুলীবিদ্ধ সুমন আৰু হৰ্ষজিৎক উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও গুলী লাগি থকা সুমনক চিকিৎসকে উচ্চ চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷

ইতিমধ্যে নগাঁও আৰক্ষীযে ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্ত আৰম্ভ কৰিছে ৷নগাঁও বাইপাছত নিশা ডকাইতৰ দলে সংঘটিত কৰা এই গুলীচালনাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক চিৰাঙত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply