গুৱাহাটী : এতিয়াও সন্ধান নাই দীপ সৰকাৰৰ। দীপ সৰকাৰৰ সন্ধানত ব্ৰহ্মপুত্ৰৰ বুকুত অব্যাহত আছে অভিযান। চাৰিজন কিশোৰৰ ভিতৰত তিনিজনৰ মৃতদেহ উদ্ধাৰ হৈছিল যদিও ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈয়ে আছে দীপ সৰকাৰ।
বিগত দুদিন ধৰি ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান অব্যাহত আছে যদিও এতিয়াও নদীৰ বুকুৰ পৰা উদ্ধাৰ হোৱা নাই দীপ সৰকাৰ। দীপ সৰকাৰৰ সন্ধানত অভিযানকাৰী দলটোৱে অভিযান অব্যাহত ৰাখিছে যদিও সাফল্য লাভ কৰিবলৈ সক্ষম হোৱা নাই।
লগতে পঢ়ক : ৩০ অক্টোবৰত ৰাজ্যৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন
দেওবাৰে পাণ্ডুঘাটত ব্ৰহ্মপুত্ৰ নদীত চাৰিজনকৈ কিশোৰ গা ধুবলৈ গৈ নদীত ডুব গৈছিল। ইয়াৰ পিছতে কিশোৰ চাৰিজনৰ সন্ধানত অভিযান চলাই তিনিজন কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল যদিও দীপ সৰকাৰ নামৰ কিশোৰজন এতিয়াও সন্ধানহীন হৈ আছে।