নিউজ ডেস্কঃ বিশিষ্ট উদ্যোগপতি-সমাজ সেৱক দীপক কুমাৰ বৰঠাকুৰৰ দেহাৱসান। চেন্নাইত বুধবাৰে বিয়লি প্ৰায় ৪.২০ বজাত মৃত্যু হয় বৰঠাকুৰৰ। চেন্নাইৰ এপ’ল’ হাস্পতালত চিকিৎসাধীন হৈ আছিল বিশিষ্ট উদ্যোগপতিগৰাকী। আৰু অৱশেষত বুধবাৰে চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।

জানিব পৰা মতে, দীপক কুমাৰ বৰঠাকুৰৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৪ বছৰ। দীৰ্ঘদিন ধৰি অসুস্থতাত ভোগী থকা পাছত অৱশেষত তেওঁৰ আজি চিকিৎসালয়ত মৃত্যু হয়। উল্লেখযোগ্য যে, ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষৰ দায়িত্ব লৈছি দীপক কুমাৰ বৰঠাকুৰে।

নিউ আৰ্ট প্লেয়াৰ্ছৰ জন্মদাতা আছিল তেওঁ। তদুপৰি বিবেকানন্দ কেন্দ্ৰৰ সৈতেও প্ৰতিষ্ঠা কালৰ পৰা জড়িত আছিল তেওঁ। উত্তৰ-পূব আৰএছএছৰ সাংগঠনিক কাম-কাজৰ অন্যতম আছিল দীপক কুমাৰ বৰঠাকুৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply