গুৱাহাটী : ৰে’ল বিভাগৰ কামত বাধা প্ৰদান বন বিভাগৰ। এটা বিশেষ অঞ্চলত ৰে’ল বিভাগৰ কামত বাধা প্ৰদান কৰিছে বন বিভাগে। একমাত্ৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে ৰে’ল বিভাগৰ কাম বন্ধ কৰি দিলে বন বিভাগে। বন্যপ্ৰাণী সুৰক্ষাৰ বাবে ৰে’ল বিভাগৰ কামত বন বিভাগৰ হস্তক্ষেপক আদৰণি জনাইছে স্থানীয় ৰাইজে।
অসমত দ্ৰুত গতিত চলিছে ৰে’ল বিভাগৰ বৈদ্যুতিক ৰে’লৰ চলাচলৰ কাম। উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইতিমধ্যে বৈদ্যুতিক ৰে’লৰ চলাচলৰ বাবে ৰে’ল লাইন সমূহ বৈদ্যুতিকাৰণৰ কাম অব্যাহত ৰালহিছে। দ্ৰুত গতিত ৰে’ল লাইন সমূহৰ বৈদ্যুতিকৰণৰ কাম চলাই থকা ৰে’ল বিভাগ কিন্ত থমকি ৰ’ব লগা হৈছে এক বিশেষ অঞ্চলত।

ৰে’ল লাইন বৈদ্যুতিকৰণ ক্ষেত্ৰত ৰে’ল বিভাগৰ সন্মুখত বাধা হিচাপে থিয় দিছে এটা বিশেষ অঞ্চলৰ স্থানীয় ৰাইজৰ লগতে বন বিভাগে। কাৰণ ৰে’ল লাইনৰ বৈদ্যতিক তাঁৰত লাগি মৃত্যুৰ মুখত পৰিব পাৰে বনৰীয়া হাতী। মহানগৰীৰ পক্ষী অভয়াৰণ্যৰ দীপৰ বিলৰ মাজেৰে যোৱা ৰে’ল লাইনৰ বিদ্যুতিকৰণ কামত ৰেল বিভাগৰ সন্মুখত বাধা হিচাপে থিয় দিছে বন বিভাগ।
শুকুৰবাৰে দীপৰ বিলৰ মাজেৰে যোৱা ৰে’ল লাইনত বৈদ্যুতিকৰণৰ কাম বন্ধ কৰি দিয়ে বন বিভাগে। উল্লেখ্য যে দীপৰ বিল অসমৰ একমাত্ৰ ৰামছাৰ অঞ্চল। বিভিন্ন প্ৰজাতিৰ দেশী-বিদেশী পক্ষীৰ বিচৰণস্থলী দীপৰ বিল বনৰীয়া হাতীৰো বিচৰণস্থলী। বিভিন্ন সময়ত এই দীপৰ বিলৰ বুকুত নামি আহে জাকে জাকে বনৰীয়া হাতী।

দীপৰ বিলৰ গাতে লাগি থকা গড়ভঙা পাহাৰৰ পৰা দীপৰ বিলত পানী খবলৈ নামি অহা বনৰীয়া হাতীৰ জাক ৰে’ল লাইনৰ বৈদ্যুতিকৰণৰ ফলৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যুৰ মুখত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। যাৰ ফলত ব’ন বিভাগে দীপৰ বিলৰ মাজেৰে পাৰ হৈ যোৱা ৰে’ল লাইনত বৈদ্যুতিকৰণৰ কামত বাধা দিছে। বন বিভাগৰ এই পদক্ষেপক আদৰণি জনাইছে দীপৰ বিল কাষতে বসবাস কৰা স্থানীয় ৰাইজে।
আৰু পঢ়কঃ পুনৰ খোল খাইছে এ পি এছ চি কেলেংকাৰী ফাইল
উল্লেখ্য যে পক্ষী অভয়াৰণ্য আৰু বনৰীয়া হাতীৰ বিচৰণস্থলী দীপৰ বিলৰ মাজেৰে পাৰ হৈ যোৱা ৰে’ল লাইনত বিভিন্ন সময়ত ৰে’লৰ খুন্দাত বনৰীয়া হাতী মৃত্যুৰ মুখত পৰিছে। বৰ্তমানলৈকে দীপৰ বিল অঞ্চলত ৰে’লৰ খুন্দাত ১৫ টাকৈ বনৰীয়া হাতী মৃত্যুৰ মুখত পৰাৰ লগতে অন্যান্য বহু বন্যপ্ৰাণী ৰে’লৰ লাইনত মৃত্যুক আঁকোৱালি লব লগা হৈছে।