গুৱাহাটীঃ অৱশেষত উদ্ধাৰ হ’ল গুৱাহাটীৰ দীপশিখা হাজৰিকাৰ মৃতদেহ। যোৱা ৪ অক্টোবৰৰ পুৱা উত্তৰাখণ্ডৰ হিমালয়ত অৱস্থিত দ্ৰৌপদী কা দাণ্ডা নামৰ পৰ্বত শিখৰৰ পৰা আচম্বিতে হোৱা হিমস্খলনৰ ফলত পৰ্বতাৰোহণ কৰিবলৈ যোৱা দীপশিখাৰ লগতে বহুকেইজন পৰ্বতাৰোহণৰ প্ৰশিক্ষাৰ্থী আৰু প্ৰশিক্ষক সন্ধানহীন হৈ আছিল।
অৱশেষত হিমালয়ৰ বৰফৰ মাজৰ পৰা উদ্ধাৰ হ’ল দীপশিখাৰ মৃতদেহ। হিমালয়ত পৰ্বতাৰোহন কৰিবলৈ গৈ মৃত্যুক সাবতি লোৱা দীপশিখা অসমৰ তৃতীয় গৰাকী পৰ্বতাৰোহী। দীপশিখাৰ লগতে আন এগৰাকী পৰ্বতাৰোহী মেঘালয়ৰ টিকলু জাইৰৱাৰ মৃতদেহো উদ্ধাৰ হৈছে।
উল্লেখ্য যে, ১৯৭৯ চনৰ ৫ অক্টোবৰৰ দিনা অসমত পৰ্বতাৰোহণৰ জনক ৰোহিনী কুমাৰ ভূঞাই ৬,৯৪০ মিটাৰ উচ্চতাৰ কেডাৰনাথ Dome শিখৰ আৰোহণ কৰি উভটি অহাৰ পথত বৰফৰ ধুমুহাৰ মৃত্যু হৈছিল।
২০১২ চনত EXPLORERS সংগঠনৰ ৬,১৬২ মিটাৰ উচ্চতাৰ Gangstang শিখৰ অভিযানত পৰ্বতাৰোহী ৰবীন্দ্ৰ লাল দাসে High Altitude Sickness ত আক্ৰান্ত হৈ প্ৰাণ বিসৰ্জন দিছিল।