নিউজ ডেস্কঃ স্বগৃহলৈ অনা হ’ল দীপশিখা হাজৰিকাৰ মৃতদেহ। ৪ অক্টোবৰত উত্তৰাখণ্ডৰ উত্তৰকাশীৰ হিমালয়ৰ দ্ৰৌপদী কা দাণ্ডা-২ শৃংগ আৰোহণ কৰি ঘূৰি অহাৰ সময়তে হোৱা হিমস্খলনৰ ফলত সন্ধানহীন হৈ আছিল দীপশিখাকে ধৰি ২৯ গৰাকী পৰ্বতাৰোহী আৰু প্ৰশিক্ষক।
নিৰুদ্দেশ হোৱাৰ ৫ দিনৰ পাছতহে হিমালয়ৰ বৰফৰ মাজৰ পৰা উদ্ধাৰ কৰা হয় দীপশিখাৰ মৃতদেহ। তাৰপাছত তেওঁৰ মৃতদেহ উত্তৰাখণ্ডৰ পৰা দিল্লীলৈ আৰু দিল্লীৰ পৰা অসমলৈ বিমানযোগে অনা হয়।
কালি নিশা প্ৰায় ১১ বজাত অসমৰ মহিলা পৰ্বতাৰোহীগৰাকীৰ মৃতদেহ লৈ পিতৃ-মাতৃ উপস্থিত হয় বৰঝাৰ বিমান বন্দৰত। আৰু বিমান বন্দৰৰ পৰা তেওঁৰ মৃতদেহ অসম পৰ্বতাৰোহণ সন্থাৰ বিষয়ববীয়া-সদস্যই স্বগৃহলৈ লৈ আহে।
দীপশিখা হাজৰিকাৰক আজি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব নেহেৰু ষ্টেডিয়ামত। অসম পৰ্বতাৰোহণ সন্থাই জনাব শেষ শ্ৰদ্ধাঞ্জলি। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম অলিম্পিক সন্থাৰ লগতে আন কেইবাটাও ক্ৰীড়া সংগঠনে।
ইয়াৰ পাছতে তেওঁৰ নশ্বৰদেহ লৈ যোৱা হ’ব ফটাশিলৰ গীৰ্জালৈ। আৰু মালিগাঁৱৰ আদিংগিৰি পাহাৰত শেষকৃত্য সম্পন্ন কৰা হ’ব দীপশিখা হাজৰিকাৰ।