নিউজ ডেস্কঃ হামাগ্ৰা মহিলাৰীৰ বিৰুদ্ধে মানহানি গোচৰ তৰিলে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে। বৃহস্পতিবাৰে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশত বিটিচি প্ৰধানজনৰ বিৰুদ্ধে টুলুঙা মন্তব্য কৰাৰ বাবে হাগ্ৰামাৰ বিৰুদ্ধে ১০০ কোটিৰ মানহানিৰ গোচৰ দিয়ে।
যোৱা ১০ ফেব্ৰুৱাৰীত হাগ্ৰামা মহিলাৰীয়ে প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী ঘৰত আৰক্ষীয়ে উদ্ধাৰ কৰা অস্ত্ৰ-শস্ত্ৰ প্ৰমোদ বড়োৱে লুকুৱাই ৰখা বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছিল। যাৰ প্ৰমোদ বড়োৱে এই ১০০ কোটিৰ মানহানি গোচৰ কৰে।
বিটিচি প্ৰধানজনে সংবাদ মাধ্যমৰ কয় যে, ‘‘আগতেও তেওঁ তেনেধৰণৰ টুলুঙা মন্তব্য কৰি থাকে। এজন দায়িত্বশীল লোকে তেনেকৈ কথা কোৱা উচিত নহয়। সেয়ে আজি এটা মানহিনি গোচৰ তৰা হৈছে। হিতেশ বসুমতাৰীৰ ঘৰত যি অস্ত্ৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে, সেয়া মই প্লেন কৰা বুলি তেওঁ কৈছে। এইবোৰ ধেমালি কৰা কথা নহয়, দায়িত্বশীল মানুহ এজনে আইনৰ কথাবোৰ বুজি পাব লাগে। তেওঁ আহি আদালতত উত্তৰ দিয়ক, তেওঁৰ হাতত কি প্ৰমাণ আছে। সেয়ে তেওঁৰ বিৰুদ্ধে এটা গোচৰ তৰা হৈছে।’’ লগতে তেওঁ কয় যে, মিছা কথাৰে সমাজক বিপথে পৰিচালিত কৰিব নোৱাৰে।