গুৱাহাটীঃ ২৩ এপ্ৰিলত অসম ভ্ৰমণলৈ আহিব দেশৰ প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিং। বাংলাদেশৰ স্বাধীনতা যুদ্ধত অংশগ্ৰহণ কৰি শ্বহীদ হোৱা ন গৰাকীকৈ সৈনিকৰ বিধৱা পত্নী, আঘাতপ্ৰাপ্ত ছয়গৰাকী সৈনিক, দুগৰাকী যুদ্ধবন্দী সৈনিক আৰু এই যুদ্ধত অংশগ্ৰহণ কৰি মহীয়ান হোৱা ৭২ গৰাকী অসমৰ সৈনিকক প্রথমবাৰৰ বাবে ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী গৰাকীয়ে অংশগ্ৰহণ কৰিব।

দেশৰ প্ৰতিৰক্ষা মন্ত্রী গৰাকীৰ এই ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভত সোমবাৰে দিছপুৰৰ জনতা ভৱনৰ নিজ কার্যালয়ত শক্তি, সাংস্কৃতিক আদি বিভাগৰ মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত উচ্চ পর্যায়াৰ এক বৈঠক অনুষ্ঠিত হয়।

বৈঠকত ৰাজ্য চৰকাৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মা, সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত আৰু সচিব এম এছ মনিৱন্নন, গৃহ বিভাগৰ সচিব দেৱপ্ৰসাদ মিশ্ৰ, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সচিব দেবজ্যোতি দত্ত, জনসংযোগ বিভাগৰ সঞ্চালক বিষ্ণু কমল বৰাকে ধৰি কেবাগৰাকীও জ্যেষ্ঠ বিষয়াৰ লগতে সেনাবাহিনীৰ কেইবাগৰাকীও বিষয়ায়ো উপস্থিত থাকে। সভাত কেন্দ্রীয় মন্ত্রী গৰাকীৰ এই ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভত বিতং ভাৱে পৰ্যালোচনা কৰা হয় ৷ জনগণৰ মাজত দেশ প্ৰেমৰ ভাৱে জাগ্রত কৰাৰ বাবে ল’বলগীয়া ব্যৱস্থা, সাংস্কৃতিক কাৰ্যসূচী আদিৰ সন্দৰ্ভত বিশদভাবে আলোচনা কৰাৰ পাছত মন্ত্রী বিমল বড়াই বিষয়া সকলক প্ৰয়োজনীয় নিৰ্দেশ প্ৰদান কৰে।

লগতে পঢ়কঃকালভাৰ্টৰ ওপৰত বাঁহৰ দলং সাজি যাতায়ত কৰিবলগীয়া হয় মহুৰামুখৰ গাঁওবাসীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply