নিউজ ডেস্কঃ গুৱাহাটীলৈ আহি আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান। আম আদমি পাৰ্টীৰ অসম ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ অনুৰোধমৰ্মে ২ এপ্ৰিলত দুই গৰাকী মুখ্যমন্ত্ৰী গুৱাহাটীলৈ আহিব দেওবাৰে এক সংবাদমেল যোগে এই কথা জানিবলৈ দিয়ে।

সংবাদমেলৰ জৰিয়তে আম আদমি পাৰ্টীৰ ৰাজ্যিক সমন্বয়ক ডা০ ভবেন চৌধুৰী আৰু উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই জনাই যে, অসমৰ বিজেপি চৰকাৰৰ জনবিৰোধী কাৰ্য–কলাপ, উচ্চস্তৰীয় দুৰ্নীতি তথা সা–সামগ্ৰীৰ আকাশলংঘী দামৰ বাবে অসমৰ জনতাই বিজেপিৰ বিৰুদ্ধে ক্ষোভিত হৈ আছে যদিও তেওঁলোকে বিকল্প বিচাৰি পোৱা নাই। সেয়ে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ আম আদমি পাৰ্টীয়ে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত শক্তিশালী বিৰোধীৰ ভূমিকা পালন কৰিবলৈ আগ বাঢ়ি আহিছে।

লগতে কয় যে, দিল্লীত শিক্ষা আৰু স্বাস্থ্য খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা আম আদমি পাৰ্টী একমাত্ৰ ৰাজনৈতিক দল যিয়ে ভৱিষ্যত প্ৰজন্মক বিশ্ব মানৰ শিক্ষা প্ৰদান কৰি ভাৰতক বিশ্বৰ ভিতৰত এক নম্বৰ দেশ হিচাপে প্ৰতিষ্ঠা কৰোৱাৰ সংকল্প গ্ৰহণ কৰিছে।

উল্লখেযোগ্য যে, হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক ফেচিবাদী বুলি উল্লেখ কৰি কয় যে, অসমৰ দৰিদ্ৰ জনতাক জ্বলা–ক‘লা খুৱাইছে। লগতে, প্ৰশাসনক অপব্যৱহাৰ কৰি দুখীয়াৰ ঘৰ বুলডজাৰেৰে ভাঙি, অভিযুক্তক এনকাউণ্টাৰ কৰি হত্যা কৰাৰ দৰে চৰকাৰখনৰ অমানৱীয় কামে জনতাক অতিষ্ঠ কৰি তুলিছে বুলি কয় ।

লগতে পঢ়ক – বাতিল হ’ল মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply