আমিনুৰ ৰহমান, শিৱসাগৰঃ দিল্লী বিশ্ববিদ্যালয়ৰ সদ্যঘোষিত স্নাতকোত্তৰ পৰীক্ষাৰ ফলাফলত বিশ্ববিদ্যালয়খনৰ পৰা ভূ-তত্ব বিভাগত তৃতীয় স্থান দখল কৰে শিৱসাগৰৰ প্ৰণীষা ৰাজখোৱাই।

দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ হংসৰাজ মহাবিদ্যালয়ৰ পৰা ভূ-তত্ব বিভাগত অধ্যায়ন কৰা প্ৰনীষা ৰাজখোৱাই মহাবিদ্যালয়খনৰ পৰাও স্নাতোকত্তৰ পৰীক্ষাত তৃতীয় স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনে।

শুকুৰবাৰে দিল্লীৰ হংসৰাজ কলেজত আয়োজিত ৭৪ সংখ্যক বাৰ্ষিক বঁটা বিতৰণী সভাত অসম কন্যা প্ৰণীষা ৰাজখোৱাক মহাবিদ্যালয়ৰ পৰা সন্মান জনোৱা হয়। শিৱসাগৰৰ গণকপট্টিৰ মানৱ ৰাজখোৱা আৰু দেৱজানী ৰাজখোৱাৰ কন্যা। অসম কন্যা প্ৰনীষাৰ এই সাফল্যই সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,464 other subscribers

Leave a comment

Leave a Reply Cancel reply