হাটশিঙিমাৰী : হাটশিঙিমাৰীৰ প্ৰাক্তন অতিৰিক্ত উপায়ুক্তৰ ছইবৰ ৰহমানৰ বিৰুদ্ধে ভূমি কেলেংকাৰীৰ অভিযোগত উচ্ছেদিত অৰ্ধশতাধিক পৰিয়ালৰ সংবাদমেল। ছইবৰ ৰহমানৰ দিনত উপায়ুক্তৰ দায়িত্বত থকা জিলা উপায়ুক্তা আতিকা ছুলাতানাক গ্ৰেপ্তাৰৰ দাবী। হাটশিঙিমাৰী, দক্ষিণ শালমাৰাৰ একাংশ দালালৰ জৰিয়তে ছইবৰ ৰহমানে ভূমি আৱণ্টনৰ নামত অৰ্ধ শতাধিক লোকৰ পৰা দুই লাখকৈ টকা সংগ্ৰহৰ অভিযোগ।
মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চৰ হাতত হাটশিঙিমাৰীৰ প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত ছইবৰ ৰহমান গ্ৰেপ্তাৰ হোৱাৰ পিছতো দক্ষিণ শালমাৰা-মানকাচৰ জিলাত প্ৰতিক্ৰিয়া অব্যাহত আছে। বিগত প্ৰায় দুবছৰ পূৰ্বে ছইবৰ ৰহমান দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত থকা কালত জিলা উপায়ুক্তৰ দায়িত্বত আছিল আতিকা ছুলতানা। বিগত প্ৰায় ২০-২৫ বছৰ পূৰ্বে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰি হাটশিঙিমাৰীৰ মাতিনে চৰ নামৰ গাঁৱত শতাধিক পৰিয়ালে খাচমাটি ক্ৰয় কৰি আশ্ৰয় গ্ৰহণ কৰিছিল। কিন্তু উক্ত ভূমিত জিলা উপায়ুক্তৰ কাৰ্যালয়, জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, জিলা আদালতকে ধৰি বিভিন্ন চৰকাৰী কাৰ্যালয় নিৰ্মাণ কৰা হ’ব বুলি বিগত প্ৰায় দুবছৰ পূৰ্বে জিলা প্ৰশাসনৰ উদ্যোগ উচ্ছেদ অভিযান চলোৱা হৈছিল। এফালে গৰাখহনীয়াৰ কবলত পৰি মাতিনেৰ চৰত আশ্ৰয় লোৱা পৰিয়ালক জিলা প্ৰশাসনে উচ্ছেদ কৰাৰ ফলত পৰিয়াল কেইটাৰ মাজত হাহাকাৰৰ সৃষ্টি হয়।
এনে পৰিস্থিতৰ ফলত মাতিনেৰ চৰৰ একাংশ লোক তদানীন্তত অতিৰিক্ত উপায়ুক্ত ছইবৰ ৰহমানৰ কাষ চাপে। কিন্তু ছইবৰ ৰহমানে হাটশিঙিমাৰী আৰু দক্ষিণ শালমাৰাৰ একাংশ দালালক দেখুৱাই এক কোটি টকা দিলেহে উক্ত ভূমিত পৰিয়াল কেইটা আশ্ৰয় লৈ থাকিব পাৰিব বুলি ভাবুকি প্ৰদান কৰে। ফলত উপাহীন হৈ গাঁওবাসীয়ে গাঁও সভা পাতি এক কোটি টকা সংগ্ৰহৰ চেষ্টা কৰে যদিও একাংশ পৰিয়াল টকা দিয়াত আপত্তি কৰাত অৰ্ধ শতাধিক পৰিয়ালে স্থানীয় হামেদ পৰামানিক আৰু দক্ষিণ শালমাৰাৰ আব্দুল আজিজ নামৰ দালালৰ লগতে আন কেইবাজনো দালালৰ জৰিয়তে দুই লাখকৈ টকা অতিৰিক্ত উপায়ুক্ত ছইবৰ ৰহমানে সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। টকাৰ বিনিময়ত ছইবৰ ৰহমানে সেই পৰিয়াল কেইটাক মাতিনেৰ চৰতে আশ্ৰয় দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে টকা নিদিয়া পৰিয়াল কেইটাক দ্বিপচৰ, কানাইমাৰা আদি এলেকাত পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছে বুলি অভিযোগ উঠিছে। কিন্তু উৎকোচ দিয়া এই অৰ্ধ শতাধিক পৰিয়ালক অতিৰিক্ত উপায়ুক্ত গৰাকীৰ নেতৃত্বত বছৰৰ প্ৰায় বাৰ মাহে পানী থকা এখন দ-বিলৰ মাজত ভূমি আৱণ্টন দিয়ে। ইয়াকে লৈ উক্ত পৰিয়াল কেইটাৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যাৰ ফলত বিগত দুবছৰ পূৰ্বে এই পৰিয়াল কেইটাক জিলা প্ৰশাসনে উচ্ছেদ কৰিলেও তেওঁলোক সেই স্থানতে কোনোমতে আশ্ৰয় লৈ বসবাস কৰি আহিছে।
লগতে পঢ়ক : মাত্ৰ ৫৮ মিনিটত ৪৬বিধ ব্য়ঞ্জন তৈয়াৰ কৰি ৱৰ্ল্ড ৰেকৰ্ড গঢ়িলে কণমানি লক্ষ্মী সাইয়ে
মাতিনেৰ চৰত জিলা প্ৰশাসনে জিলা উপায়ুক্তৰ কাৰ্যালয়, জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, জিলা আদালতকে ধৰি কেবাটাও চৰকাৰী কাৰ্যালয় নিৰ্মাণ কৰাৰ কথা কৈ বিগত দুবছৰ পূৰ্বে গাঁওখনত শতাধিক ভূমিহীন লোকক উচ্ছেদ কৰা হ’ল যদিও মাতিনেৰ চৰত আজিলৈ চৰকাৰী কাৰ্যালয় নিৰ্মাণৰ বাবে কোনো প্ৰস্তুতি জিলা প্ৰশাসনে আৰম্ভ নকৰিলে। সেই বাবে এই সকল উচ্ছেদিত পৰিয়ালৰ দাবী, মাতিনেৰ চৰত চৰকাৰী কাৰ্যালয় হ’লে আমাৰ আপত্তি নাই, কিন্তু চৰকাৰী কাৰ্যালয় নিৰ্মাণ কৰাৰ কথা কৈ আমাক উচ্ছেদ কৰাৰ বাবে আমি কোনো কাৰণতে এই গাঁও এৰি নাযাওঁ বুলি ভূক্তভূগী লোক সকলে এক সংবাদমেল অনুষ্ঠিত কৰি কয়। একেদৰে প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে তেওঁলোকৰ পৰা সংগ্ৰহ কৰা ধন এই সকল লোকক উভতাই দিয়াৰো দাবী কৰে এই সংবাদমেল যোগে। আনহাতে প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত গৰাকী ভূমি আৱণ্টনৰ নামত ধন সংগ্ৰহ কৰাৰ ক্ষেত্ৰত তেতিয়াৰ জিলা উপায়ুক্তা আতিকা ছুলতানাও জড়িত হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে ভূক্তভূগী পৰিয়াল কেইটাই। সেই বাবে প্ৰাক্তন জিলা উপায়ুক্তা আতিকা ছুলাতানাকো মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চে গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী উত্থাৰন কৰিছে ভূক্তভূগী লোক সকলে।