যোৱা ১০ মে’ত হিমন্ত বিশ্ব শৰ্মাই মুখ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ দিনাই মিকিৰ বামুণীত নিৰ্মীয়মাণ সৌৰ শক্তি প্ৰকল্পটোক সুৰক্ষা দিয়াৰ স্বাৰ্থত চি আৰ পি এফ বাহিনী মোতায়েন কৰা হৈছিল। চি আৰ পি এফ বাহিনী মোতায়েন কৰা কাৰ্য্যক দেশৰ শতাধিক লেখক, সাংবাদিক, শিল্পী, সংবাদকৰ্মীয়ে গৰিহণা জনাইছে।  

তেওঁলোকৰ বিবৃতি তলত তুলি ধৰা হ’ল:

বিগত এবছৰতকৈও অধিক সময়জুৰি নগাঁও জিলাৰ মিকিৰ বামুণী গ্ৰাণ্টৰ কাৰ্বি আৰু আদিবাসী কৃষকসকলে এঝিউৰ পাৱাৰ ফৰ্টী প্ৰাইভেট লিমিটেডে এক সৌৰশক্তি প্ৰকল্পৰ কাৰণে বলপূৰ্বকভাৱে অধিগ্ৰহণ কৰা তেওঁলোকৰ ভূমি ধৰি ৰাখিবলৈ যুঁজ অব্যাহত ৰাখিছে।

এই ভূমিখিনি এই কৃষকসকলৰ পূৰ্বপুৰুষসকলে কৃষিৰ যোগ্য কৰি তোলা আৰু ইয়াত তেওঁলোকে কেইবা প্ৰজন্ম ধৰি কৃষিকাৰ্য কৰি আহিছে। তদুপৰি ১৯৮১ চনত তেওঁলোকক প্ৰদান কৰা নামজাৰী খতিয়ান অনুসৰি এই ভূমিৰ ওপৰত তেওঁলোকৰ উত্তৰাধিকাৰসূত্ৰে দখলীস্বত্ব আছে। তেওঁলোকৰ এই অধিকাৰ আওকাণ কৰি এই ভূমিৰ প্ৰথম স্বত্বাধিকাৰীৰ বংশধৰসকলে বিগত ২০২০ চনৰ আগষ্ট মাহত এঝিউৰ পাৱাৰক ভূমিখিনি বিক্ৰী কৰে।

নগাঁও জিলা আদালতত ভূমিখিনিৰ ওপৰত এঝিউৰ পাৱাৰৰ অধিকাৰৰ দাবীক লৈ কেইবাটাও গোচৰ চলি থকা তথা বৰ্তমান ভূমিখিনি গোচৰাধীন বা বিতৰ্কিত ভূমি (disputed land) বুলি গণ্য হৈ থকাৰ সময়তে এঝিউৰ পাৱাৰে তেওঁলোকক এই ভূমি বেচাৰ লগত জড়িত সকলো অনিয়ম স্বীকাৰ কৰিবলৈ অপাৰগ হৈছে।

মিকিৰ বামুণী গ্ৰাণ্টৰ অধিকাৰীৰ বংশধৰৰ পৰিয়ালৰ ৮ জন সদস্যই এই ভূমিখিনি এঝিউৰ পাৱাৰক বিক্ৰী কৰিছিল, যি কাম ১৯৫৬ চনৰ Assam Fixation of Ceiling on Land Holdings Act-ৰ অধীনত বেআইনী। যিহেতু এই আইনখনৰ অধীনত এটা পৰিয়াললৈ ৫০ বিঘা ভূমিহে হস্তান্তৰ কৰিব পাৰি, সেয়ে মিকিৰ বামুণী গ্ৰাণ্টৰ ক্ষেত্ৰত ২৭৬ বিঘা ভূমি এটা পৰিয়াললৈ হস্তান্তৰ কৰাটো এই আইন অনুসৰি বেআইনী। লগতে ১৯৭১ চনৰ Assam (Temporarily Settled Areas) Tenancy Act-ৰ অধীনত tenant খেতিয়কৰ ভূমি অধিকাৰৰ প্ৰশ্নটো সমাধান নকৰাকৈয়ে এই ভূমিখিনি বিক্ৰী কৰা হয়।

এঝিউৰ পাৱাৰক এইদৰে মিকিৰ বামুণী গ্ৰাণ্টৰ ভূমি বিক্ৰী কৰা কাৰ্যই অসমত মাটিৰ মালিকীস্বত্ব গণতান্ত্ৰিক কৰিবলৈ আৰু খেতিয়কক ভূমি অধিকাৰ প্ৰদান কৰিবলৈ প্ৰণয়ন কৰা এই দুখন গুৰুত্বপূৰ্ণ আইন পোনছাটেই অমান্য কৰিছে। দৰাচলতে এই দুখন আইন অনুসৰি মিকিৰ বামুণী গ্ৰাণ্টৰ ভূমি এই কোম্পানীটোক বিক্ৰী কৰিবলৈ মাটিৰ মালিকৰ কোনো অধিকাৰ নাই।

মিকিৰ বামুণী গ্ৰাণ্টৰ এই বেআইনী ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা কৃষকসকলক অসম আৰক্ষীয়ে একাধিকবাৰ আটক কৰাৰ লগতে তেওঁলোকৰ এই শান্তিপূৰ্ণ প্ৰতিবাদ বলপূৰ্বকভাৱে দমন কৰিবলৈ প্ৰয়াস কৰি আহিছে। বিগত ২০২০ চনৰ ৮ অক্টোবৰ তাৰিখে এঝিউৰ পাৱাৰে ভূমিখিনি দখল কৰি আৰক্ষীৰ ব্যাপক নিৰাপত্তাৰ মাজত ২০০ বিঘা মাটিৰ পকা ধানৰ ফচল জ্বলাই দিয়াৰ দিনাই আৰক্ষীয়ে ১৪ জন কৃষকক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে (১২ দিনৰ পাছত তেওঁলোকক মুকলি কৰি দিয়া হয়)।

২৯ ডিচেম্বৰ তাৰিখে গাঁওবাসীসকলে তেওঁলোকৰ মাটিত চলি থকা নিৰ্মাণকাৰ্যত বাধা দিয়াৰ কাৰণে সেইদিনা মাজৰাতিয়েই ৪ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু ৬৩ দিন পৰ্যন্ত কাৰাবন্দী কৰি ৰাখে। আনহাতে এই মাটিখিনিত যোৱা ১০ বছৰে কোনো কৃষিকাৰ্য হৈ থকা নাই বুলি গোকাট মিছা ৰিপোৰ্ট দাখিল কৰা লাল মণ্ডলৰ বিৰুদ্ধে প্ৰশাসনে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। চৰকাৰী চেনছাছৰ তথ্য অনুসৰিয়েই এই ৰিপোৰ্ট মিছা বুলি প্ৰমাণিত হোৱাৰ লগতে এই কথাও প্ৰমাণিত হয় যে মিকিৰ বামুণী এখন কৃষিপ্ৰধান গাঁও। Tenant খেতিয়কৰ অধিকাৰৰ প্ৰসংগটো সমাধান নকৰাকৈয়ে মাটিৰ মালিকৰ হাতত ভূমিখিনি গটাই দিয়া নগাঁও জিলাৰ উপায়ুক্ত আৰু চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ বিৰুদ্ধেও প্ৰশাসনে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

এঝিউৰ পাৱাৰলৈ ভূমি হস্তান্তৰ কৰাৰ এই বেআইনী কাৰ্য বলপূৰ্বকভাৱে সমাধা কৰিবলৈ কোম্পানীটোৱে নিৰাপত্তা বাহিনীৰ জৰিয়তে ভূমি অধিগ্ৰহণৰ কাম আগবঢ়োৱাৰ লগতে কোম্পানীটোৰ শক্তি প্ৰকল্পটোৰ কাম বিনা প্ৰশ্নেৰে মানি ল’বলৈ গাঁওবাসীসকলৰ ওপৰত বল প্ৰয়োগ কৰিছে।

১০ মে’ তাৰিখে ক’ভিড মহামাৰীৰ আতংকৰ মাজতে বলপূৰ্বক ভূমি অধিগ্ৰহণৰ কাম আগবঢ়াবলৈ চি.আৰ.পি.এফ.ৰ এক বৃহৎ বাহিনীৰ সৈতে এঝিউৰ পাৱাৰ পুনৰ মিকিৰ বামুণী গ্ৰাণ্টত প্ৰৱেশ কৰে। কভিদ মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে এক বৃহৎ সংখ্যক বহিৰাগতৰ সৈতে কোম্পানীটোৱে গাঁওখনত এনেদৰে প্ৰৱেশ কৰা কাৰ্যই গাঁওবাসীসকলৰ জীৱনৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে।

লগতে পঢ়ক : নগাঁৱৰ মিকিৰ বামুণীত বহুজাতিক শৌৰ-শক্তি কোম্পানিক সুৰক্ষা দিয়াৰ স্বাৰ্থত CRPF মোতায়েন; শংকিত গাঁওবাসী

দাবীসমূহ:

  • মিকিৰ বামুণী গ্ৰাণ্ট গাঁও আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰা তৎকালীনভাৱে নিৰাপত্তা বাহিনী প্ৰত্যাহাৰ কৰিব লাগে
  • ভূমি অধিকাৰৰ গোচৰাধীন বিষয়টো মীমাংসা নোহোৱা পৰ্যন্ত এঝিউৰ পাৱাৰৰ সৌৰশক্তি প্ৰকল্পৰ নিৰ্মাণ কাৰ্য বন্ধ কৰিব লাগে
  • কৃষিকাৰ্যত জড়িত কৃষকসকলক তেওঁলোকৰ কৃষিভূমি উভতাই দিব লাগে
  • মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষিকাৰ্য আৰু ভূমি অধিকাৰৰ প্ৰসংগত মিছা ৰিপোৰ্ট দাখিল কৰা সকলো চৰকাৰী বিষয়ববীয়াৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে

স্বাক্ষৰকাৰীসকল

  1. Virginius Xaxa, Academic, Formerly with Delhi University
  2. Aditya Nigam, Academic, CSDS, Delhi
  3. Holiram Terang, Political activist, Assam
  4. Amit Bhaduri, Former Professor Emeritus, JNU, Delhi
  5. Madhu Bhaduri
  6. Ashok Choudhary, All India Union of Forest Working People
  7. Medha Patkar, Narmada Bachao Andolan and NAPM
  8. Soumya Dutta, Bharat Jan Vigyan Jatha, Delhi
  9. Prafulla Samantara, Lokshakti Abhiyan, Odisha
  10. K.P. Fabian, Former Ambassador
  11. Ashish Kothari, Environmental researcher, Pune
  12. Apurba Kumar Baruah, Retd. Professor, Northeast Hill University, Shillong
  13. Santanu Borthakur, Advocate, Gauhati High Court
  14. Pranab Doley, Jeepal Krishak Shramik Sangha, Assam
  15. Manas Das, Assam Majoori Shramik Union (NTUI)
  16. Gautam Mody, New Trade Union Initiative
  17. Sanjay Barbora, Professor, Tata Institute of Social Sciences, Guwahati
  18. Ramanand Wangkheirakpam, Coordinator, Indigenous Perspectives, Manipur
  19. Bonojit Hussain, Farmer and researcher, Assam
  20. Tarun Bhartiya, Image maker, Raiot Collective
  21. Soneswar Narah, Jeepal Krishak Shramik Sangha and IPTA, Assam
  22. Amrapali Basumatary, Assistant professor, Kirorimal College, University of Delhi
  23. Vasundhara Jairath, Assistant Professor, IIT Guwahati, Assam
  24. Raju Deori, Advocate and tribal social activist, Assam
  25. Meera Sanghamitra, National Alliance of People’s Movements (NAPM)
  26. Balindra Saikia, Krishok Mahasabha, Assam
  27. Praveen Jha, Professor, JNU, Delhi
  28. Sandeep Pandey, Socialist Party (India)
  29. Dolly Kikon, Anthropologist, University of Melbourne, Australia
  30. Paresh Malakar, Intellectual and publisher, Guwahati
  31. Sarat Phukan, Professor, Gauhati University
  32. Vani Subramanian, Independent filmmaker
  33. Hiren Gandhi, Darshan, Gujarat
  34. Saroop Dhruv, Darshan, Gujarat
  35. Rashmi Rekha Borah, Writer, Assam
  36. Nikhileswar Baruah, Artist, Assam
  37. Nakul Singh Sawhney, Filmmaker, Delhi
  38. Neha Dixit, Journalist, Delhi
  39. Amit Baishya, Faculty, University of Oklahoma
  40. Amit Kumar, Student, Faculty of Law, Delhi University
  41. Sriparna Bandopadhyay, Assistant Professor, IIT Guwahati
  42. Biswajit K Bora, Academic, Delhi University
  43. Jagmohan Singh, All India Forum for Right to Education
  44. Soibam Haripriya, Postdoctoral fellow, Dept. of Conflict and Development Studies, Ghent University, Belgium
  45. Vimal Bhai, National Alliance of People’s Movements
  46. Dr. Neeti Bhai, NAPM Varanasi
  47. Pamela Philipose, Journalist
  48. Tanvi GS, Student
  49. Firoz, Teacher
  50. Sanjay Kak, Filmmaker
  51. Samar Bagchi, NAPM West Bengal
  52. Usharani Acharya, Retd. Professor, Berhmpur University
  53. Jennifer, Dalit Camera
  54. Ashwin Lobo, Environment Support Group, Bangalore
  55. Eric Pinto, NAPM Goa
  56. Salil Joshi, NAPM
  57. Suhas Kolhekar, Social activist, NAPM
  58. Aysha, Right to Food Campaign
  59. Arundhati Dhuru, NAPM
  60. KJ Joy, Forum for Policy Dialogue on Water Conflicts in India
  61. Madhuri, Jagrit Adivasi Dalit Sangathan
  62. Nisha Biswas, Activist
  63. Uttam, Visual artist
  64. Debal Deb, Centre for Interdisciplinary Studies
  65. Mita Deutta, Centre for Interdisciplinary Studies
  66. Shefali Saini, TISS Mumbai
  67. Shyam Narayan Bharti, TISS
  68. Noihrit Gogoi, Student, Ramjas College, Delhi University
  69. Dayasagar Kalita, Jatiya Itihas, Assam
  70. Shilpi Shikha, Student
  71. Trishita Shandilya, Research scholar
  72. Shruti, Student, Cotton University, Assam
  73. Debajit Rajbangshi, Citizen
  74. Nilanju, Independent activist
  75. Kennet Moses Arul, Lawyer
  76. Shrestha Chowdhury, Environment Support Group, Bangalore
  77. Indukamal Bhuyan, Student, Dept. of Political Science, Dibrugarh University
  78. Raj Shekhar Nath, Intern, Journalist, TheSocialTalk
  79. Shankar SR, Research scholar and journalist
  80. Debarti, NAPM
  81. Bidisha Barman, Activist, Assam
  82. Tani Alex, Delhi
  83. Kamal Nayan Misra, Prerona Puthibhoral (Library), Nalbari, Assam
  84. Aruna Rodrigues, Founder, Sunray Harvesters
  85. Kavita Kowshik, Swaraj India
  86. Mehzebin Rahman, YUVA, Assam
  87. Mijanur Rahman SK, Centre for Relief and Rehabilitation
  88. Aniruddha Bora, Public Health Professional
  89. Sima Saikia, Social worker
  90. Dishanka Gogoi, Graduate student, Anthropology, University of California, Merced, USA
  91. Julina Kashyap, Research scholar
  92. Amod Shah, PhD researcher
  93. Parmod, Concerned individual
  94. Priyadarshi, Citizen of Union of India
  95. Ramnarayan, Nature Educator, Uttarakhand
  96. Sana Haque, Environment Support Group, Bangalore
  97. Pracarsh Rastogi, Ashoka University, Delhi
  98. Navrose, Ally
  99. Napoleon S Mawphniang, Entrepreneur
  100. Persis Ginwalla, Ahmedabad
  101. Tanvi Krishnakumar, Student, Ashoka University
  102. Sudha N, Researcher-activist
  103. SP Yadav, Social worker
  104. Abha, Student
  105. Himansu Sekhar Fatesingh, Adani DAV Public School
  106. Geeta K
  107. Shewli Kumar, Tata Institute of Social Sciences
  108. Akriti Singh
  109. Vikash Shivram
  110. Kailash Anerao, Save Environment Save Earth
  111. Tara Murali
  112. Girija Godbole, IIT Bombay, Mumbai
  113. Pushkar Kulkarni, Citizen
  114. Tara Rai, Democracy Collective
  115. Nayanjyoti, Delhi University
  116. Akash Basumatari, Filmmaker
  117. Rakesh Agarwal, Independent writer and researcher
  118. Indranee Dutta, National Executive, All India Forum for Right to Education
  119. Anjali Dalmia, Student, Activist, Yugma Network and NAPM
  120. Geeta Sahu, Housewife, Nature lover
  121. Sharanya, Rangmatipadar Commune, Koraput, Odisha
  122. Rajaraman Sundaresan, Rangmatipadar Adivasi Commune, Koraput, Odisha
  123. Hans Raj Jakhu, Dalit NRI
  124. AK Dave, Activist
  125. Chitra, Mumbai
  126. Abhijit Chakraborty, All India Youth Federation
  127. Sandhya Lakshmi Chella, Citizen
  128. Samira Nadkarni
  129. Mrinal Borah, Students Federation of India
  130. Angshuman Sharma, Research Scholar, JNU Delhi
  131. Bondita Acharya, Human Rights Activist, Assam
  132. Nuchiso, Social workers
  133. Reema Shah
  134. Deepika Joshi, Jan Swasthya Abhiyan, Chhattisgarh
  135. Abha, One Billion Rising
  136. Bitupan Gogoi, All India Students’ Federation
  137. Saumya, Aatmanirbhar berozgaar
  138. Vignesh Nayak
  139. Kul Bhushan Upmanyu, Himalaya Bachao Samiti, Kamla Chamba
  140. Pavithra Raghavan
  141. Sunil Hembram
  142. Bittu KR, Karnataka Janashakti
  143. Ashfaque EJ, Independent journalist
  144. Sushma, Grassroutes Journeys
  145. Dr. Sanjay Mangala Gopal, National Convenor, National Alliance of People’s Movements
  146. Putul Sathe, SNDT Women’s University, Mumbai
  147. Smruthi Ananth, Azim Premji University, Bangalore
  148. Puloma Pal, Film Editor
  149. Nidhi
  150. Prabir Banerjee, PondyCAN
  151. Preeti Mehra, Independent journalist
  152. Kalyani Menon Sen, Independent researcher
  153. Bebaak Collective
  154. Roshmi Goswami, South Asians For Human Rights
  155. Sushil Khanna, Professor (Retd), Indian Institute of Management Calcutta
  156. Sharmila, IIT Bombay

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply