চৰাইদেউ জিলাত কৰ’নাৰ পৰা সদ্য আৰোগ্য লাভ কৰি গৃহ অভিমুখে খোজ কাঢ়ি গৈ থকাৰ পথত দুই লম্পটৰ হাতত দুগৰাকী আদিবাসী মাতৃ কন্যাৰ শ্লীলতা হানী হোৱা বাতৰিয়ে সমগ্ৰ ৰাজ্যত তোলপাৰ লগোৱাৰ পাছত আৰক্ষী প্ৰশাসন সষ্টম হৈ পৰিছিল দোষীক বিচাৰি । ৰাইজৰ তীব্ৰ হেঁচাত অভিযুক্ত লম্পট কেইটাক আটক কৰিবলৈ দিন ৰাতি একাকাৰ কৰি দিছিল চৰাইদেউ আৰক্ষী প্ৰশাসনে।
চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সূধাকৰ সিঙে জনায় যে বিশেষকৈ বৰহাট আৰক্ষী থানাৰ উপ পৰিদৰ্শক নিপুমণি চৌধুৰীৰ নেতৃত্বত লম্পট দুটাক বিচাৰি চলিছিল অহৰহ অভিযান ৷ ঘটনা সংঘটিত হোৱাৰ তিনি দিনৰ মূৰত পুৱতি নিশা প্ৰায় ২ বজাত বৰহাট চাহ বাগিছা পৰা ঘটনাটোৰ সৈতে জড়িত থকাৰ অভিযোগত দুই লম্পটক – ৰাহুল চত্ৰিয়া, বিদু তাঁতী – আটক কৰিবলৈ সক্ষম হয় বৰহাট আৰক্ষী৷
এই নৃসংশ ঘটনাটো সংঘটিত হৈছে চৰাইদেউ জিলাত। জিলা খনৰ এখন কোভিড চিকিৎসালয়ৰ পৰা কোভিড নিগেটিভ ৰিপ’ৰ্ট অহাৰ পিছতে প্ৰায় ৪০ বছৰীয়া মহিলাগৰাকীক ঘৰলৈ যাবলৈ দিয়া হৈছিল। মহিলাগৰাকীয়ে তেওঁৰ কিশোৰী কন্যাৰ সৈতে ঘৰলৈ উভতি অহাৰ সময়তে তেওঁলোকৰ পিছ লৈছিল কেইটামান পাষণ্ডই।
অভিযোগ অনুসৰি চিকিৎসালয়ৰ পৰা ২৫ কিলোমিটাৰ দূৰৈত থকা ঘৰলৈ যাবলৈ মহিলাগৰাকীয়ে চিকিৎসালয় কৰ্তৃপক্ষক এম্বুলেন্স এখন যোগাৰ কৰি দিবলৈ কৈছিল যদিও চিকিৎসালয় কৰ্তপক্ষই এম্বুলেন্স যোগাৰ কৰি দিব নোৱাৰে বুলি কোৱাত মহিলাগৰাকীয়ে কন্যাৰ সৈতে খোজকাঢ়িয়েই ঘৰমুৱা হৈছিল। বাটতে পোৱা এখন চাহ বাগিচাৰ মাজত মহিলাগৰাকীক দুটা পাষণ্ডই বলপূৰ্বক পথৰ পৰা উঠাই নিছিল। মহিলাগৰাকীৰ কন্যাই কোনোমতে সেই ঠাইৰ পৰা পলাই যাবলৈ সক্ষম হৈছিল।
চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে প্ৰকাশ কৰা মতে ২৯ মে’ৰ দিনাহে আৰক্ষীয়ে ঘটনাটোৰ বিষয়ে জানিব পাৰে আৰু অনুসন্ধান চলাই দুজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য কিছুদিন পূৰ্বে চৰাইদেউ জিলৰ বৰহাট নাগামাটি অঞ্চলৰ এটা পৰিয়াল কোভিডত আক্ৰান্ত হৈছিল। পৰিয়ালৰ সদস্য-সদস্যাসকলক ভৰ্তি কৰোৱা হৈছিল সাপেখাতি মডেল চিকিৎসালয়ত।
কোভিড নিগেটিভ পোৱাত মহিলগৰাকীৰ সৈতে তেওঁৰ কন্যাক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল।কিন্তু চিকিৎসালয়ৰ ফালৰ পৰা তেওঁলোকক বহু অনুৰোধ কৰাৰ পিছতো কোমো এম্বুলেন্স যোগান ধৰা হোৱা নাছিল।লগতে পঢ়ক ধুবুৰীৰ DSP যতীন দাসক ছিন্ডিকেটত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ