গুৱাহাটী : আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছত্ৰী সকলৰ প্ৰতিবাদ। বিজেপি নেত্ৰী তথা বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই অতি শীঘ্ৰে ক্ষমা খোজাৰ দাবী প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী সকলৰ। আঙুৰলতাৰ মন্তব্যক তীব্ৰ গৰিহণা।
বুধবাৰে গুৱাহাটীৰ ভঙাগড়স্থিত আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে এই প্ৰতিবাদ সাব্যস্ত কৰে। দন্ত চিকিৎসক সন্দৰ্ভত বিজেপিৰ নেত্ৰী আঙুৰলতা ডেকাই আগবঢ়োৱা এক মন্তব্যৰ বিৰুদ্ধে আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰী আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে বিজেপি নেত্ৰী আঙুৰলতা ডেকাক তীব্ৰ সমালোচনা কৰি দন্ত চিকিৎসক সন্দৰ্ভত আঙুৰলতা ডেকাৰ মন্তব্যক গৰিহণা দিয়ে। হাতে হাতে প্লেকাৰ্ড লৈ আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবাদ প্ৰতিবাদ সাব্যস্ত কৰে।
লগতে পঢ়ক : এক অক্টোবৰৰ পৰা ক’ভিড প্ৰটকল শিথিলৰ ইংগিত মুখ্যমন্ত্ৰীৰ
উল্লেখ্য যে যোৱা ১৬ ছেপ্টেম্বৰত বিজেপি নেত্ৰী তথা বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই দন্ত চিকিৎসক সন্দৰ্ভত এক মন্তব্য প্ৰকাশ কৰিছে। ইযাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। দন্ত চিকিৎসক সকলে আঙুৰলতা ডেকাৰ মন্তব্যক গৰিহণা দিয়াৰ লগতে শিলচৰত আঙুৰলতা ডেকাৰ বিৰুদ্ধে গোচৰো ৰুজু কৰা হৈছিল।