নিউজ ডেস্কঃ সমূখত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। আজি অসম প্ৰদেশ বিজেপিয়ে এই নিৰ্বাচনৰ বাবে ১৮টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলগীয়া প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।
বিজেপিৰ লগতে বিজেপিৰ মিত্ৰজোঁটৰ দল অসম গণ পৰিষদৰো ৪টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম আছে এইখন তালিকাত। বিজেপিয়ে ঘোষণা কৰা অনুসৰি, শদিয়া সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব যতীন দেউৰীয়ে।

তাৰপাছত ক্ৰমে, কুণ্ডিল সমষ্টিত জয়ৰাম দেউৰী, মাৰ্ঘেৰিটা সমষ্টিত যোগেন দেউৰী, ডিব্ৰুগড়ত ভাস্কৰ দেউৰী, কটিয়ৰী সমষ্টিত হিৰণজিত বীৰেশ্বৰ দেউৰী, ৰাজাবাৰী সমষ্টিত ভৈৰৱ দেউৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
তাৰ লগতে মাজুলী সমষ্টিত ইনুপ্ৰভা দেউৰী, চিচিবৰগাঁও সমষ্টিত ভৱানী দেউৰী, শ্ৰীপানী সমষ্টিত জোনমণি দেউৰী, জোনাই সমষ্টিত হেমন্ত দেউৰী, গোগামুখ সমষ্টিত ৰাকেশ বৰদেউৰী, বৰদেউৰী সমষ্টিত অমৃত প্ৰভা দেউৰী, কাচিকাটি সমষ্টিত উত্তম দেউৰী, কিনাপথাৰ সমষ্টিত বিষ্ণু কুমাৰ দেউৰী, বাঙালমাৰা সমষ্টিত প্ৰফুল্ল দেউৰী, গাভৰু টুনিজান সমষ্টিত ৰামা দেউৰী আৰু গহপুৰ সমষ্টিত শশাংক বৰদেউৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।