মাৰ্ঘেৰিটাঃ আগন্তুক দেউৰী স্বায়ত্ত শাসিত পৰিষদ নিৰ্বাচনৰ বাবে ৩ নং মাৰ্ঘেৰিটা দেউৰী স্বায়ত্ত শাসিত পৰিষদীয় সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী যোগেন দেউৰীয়ে আজি মনোনয়ণ পত্ৰ মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্য্যালয়ত নিৰ্বাচনী বিষয়াৰ হাতত দাখিলৰ কৰে। 

আজি মনোনয়ন পত্ৰ দাখিলৰ সময়ত দেউৰী স্বায়ত্তশাসিত পৰিষদীয় সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী যোগেন দেউৰীক সংগ দিয়ে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই। 

মনোনয়ন পত্ৰ দাখিল উপলক্ষে মাৰ্ঘেৰিটা চেগুনাবাৰী তিনিআলিৰ পৰা মহকুমাধিপতি কাৰ্য্যালয়লৈ এক বিশাল শোভাযাত্ৰা বাহিৰ কৰে বিজেপিয়ে। 

উল্লেখ্য যে, ১৫৩৬ জন ভোটাৰে এইবাৰ ৩নং মাৰ্ঘেৰিটা দেউৰী স্বায়ত্তশাসিত পৰিষদীয় সমষ্টিৰ নিৰ্বাচনত যোগেন দেউৰীৰ ভাগ্য নিৰ্ণিয় কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply