পল্লব মিলি, লখিমপুৰঃ দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটদান পৰ্ব অন্ত পৰিছে। ভোটদান চলি থকাৰ মাজতে বিহপুৰীয়া বিধায়ক অমীয় ভূঞাই ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ ভোটাৰ ৰাইজক ধন দি ভোট ক্ৰয়ৰ চেষ্টা চলায়।

ভোটাৰক ধন বিতৰণ কৰিবলৈ চেষ্টা চলোৱাৰ সময়তে ভোটাৰ ৰাইজে পহুখেদা দিয়ে বিধায়ক গৰাকীক। জানিব পৰা মতে, ১৯ নং কিনাপথাৰ সমষ্টিত সংঘটিত হৈছে এই ঘটনা। 

সমষ্টিটোৰ পানবাৰী নবোদয় বালিকা বিদ্যালয় ভোটকেন্দ্ৰৰ সমূখত বিধায়কগৰাকী উপস্থিত হৈ ভোটাৰৰ মাজত ৫০০ টকাকৈ বিতৰণ কৰি থাকোতে ভোট কেন্দ্ৰটোত উপস্থিত একাংশ মহিলাই বাধা প্ৰদান কৰাৰ লগতে হুলস্থূল কৰাত বিধায়কগৰাকী পলায়ন কৰে।

উল্লেখযোগ্য যে, কিনাপথাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিষ্ণু কুমাৰ দেউৰীৰ হৈ বিধায়কগৰাকীয়ে ভোট কেন্দ্ৰটোৰ সমূখত ধন বিতৰণ কৰিব বিচাৰিছিল। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply