গুৱাহাটীঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ খ্যাতি অৰ্জন কৰি অসম আৰক্ষীৰ ডি এছ পি পদত নিযুক্তি লাভ কৰাৰ পাছত বুধবাৰে প্ৰথমবাৰৰ বাবে দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্থিত হয় হিমা দাস। দৌৰবিদগৰাকীয়ে দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ বিভিন্ন গোটত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা নৱনিযুক্ত ২১৪৮ গৰাকী অসম আৰক্ষী জোৱানক উদেশ্য কৰি গুৰুত্বপূ্ৰ্ণ বক্তব্য প্ৰদান কৰে।

এক গুৰুত্বপূৰ্ণ ঘোষণা কৰি কয় যে, ৰাজ্যৰ ডি জি পি ভাস্কৰজ্যোতি মহন্তৰ নিৰ্দেশ অনুসৰি অসম আৰক্ষীৰ দক্ষ খেলুৱৈসকলক একত্ৰিত কৰি অচিৰেই গঠন কৰা হ’ব নতুন এথেলেটিকছ দল। অসম আৰক্ষীৰ বিভিন্ন বাহিনীত কৰ্মৰত ক্ৰীড়া প্ৰতিভাসমূহ চিনাক্ত কৰি তেওঁলোকৰ বিকাশৰ ক্ষেত্ৰত সহযোগিতা কৰিব বুলি আশা ব্যক্ত কৰে হিমা দাসে।

খেলুৱৈগৰাকী মহাবিদ্যালয়খনত উপস্থিত হোৱাৰ পিছত প্ৰথমেই আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱাশীষ শৰ্মাই ফুলাম গামোচাৰে আদৰণি জনায়। হিমা দাসে প্ৰশিক্ষণৰত আৰক্ষী জোৱানসকলৰ লগত মত-বিনিময় কৰি বিভিন্ন বিষয়ৰো বুজ লয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply