দেৰগাঁওঃ দেৰগাঁৱৰ নাহৰণি মাজগাঁৱৰ পৰা ব্যক্তি সন্ধানহীন। সন্ধানহীন ব্যক্তিগৰাকী আক্ৰামুল হুছেইন (৪০)। পেছাত এজন চিকিৎসা কৰ্মী আক্ৰামূল যোৱা দেওবাৰে ঘৰৰ পৰা এক বিশেষ কামত ওলাই গৈ আজি পৰ্যন্ত সন্ধানহীন হৈ আছে।
লগতে পঢ়কঃধৰ্ষণ কাণ্ডৰ তিনি মাহ উকলি যোৱাৰ পাছতো ধৰ্ষণকাৰীক কৰায়ত্ত কৰিব পৰা নাই আৰক্ষীয়ে
পৰিয়ালৰ লোকে দেৰগাওঁ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত অৱগত কৰিছে যদিও ব্যক্তিজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। ঘৰৰ পৰা ওলাই যাওঁতে ব্যক্তিজনে ম’বাইল অথবা কোনো পৰিচয় পত্ৰ লগত লৈ যোৱা নাই। যদি কোনো লোকে এই ব্যক্তিজনৰ সন্ধান লাভ কৰে তেনেহ’লে 7002736860 বা 97076 73539 এই নম্বৰত ফোনযোগে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।