দেৰগাঁও: নৱবৰ্ষৰ পহিলা দিনটোৰ নিশাই দেৰগাঁৱত সংঘটিত হ’ল এক নাৰকীয় হত্যাকাণ্ডৰ ঘটনা। মামৰণি গাঁৱৰ সঞ্জয় দাস নামৰ এজনক মৰিয়াই মৰিয়াই হত্যাৰ অভিযোগ পৰিয়ালৰ।
গুৰুত্বৰভাৱে আহত সঞ্জয়ক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। দেৰগাঁৱৰ মামৰণি গাঁৱত সংঘটিত হয় এই ঘটনা।
ছাগলী চোৰৰ অভিযোগত মৰিয়াই মৰিয়াই লোক জনক হত্যা কৰা বুলি প্ৰকাশ।
নিহত লোকজন দেৰগাঁৱৰ মামৰণি গাঁৱৰ আহোম দাস । ছাগলী চুৰিৰ অভিযোগ আহোম দাস ওৰফে সঞ্জয়ৰ বিৰুদ্ধে ।
৬-৭ জনীয়া যুৱকৰ দলে মৰিয়াই মৰিয়াই হত্যা কৰে সঞ্জয়ক। ঘটনাৰে জড়িত দুজন লোকক আটক দেৰগাঁও আৰক্ষীৰ । আটক কৰা যুৱক দুজন অৰ্ণৱ বৰা আৰু ৰাজীৱ বাকটি।