দেৰগাঁৱত থকা একাদশ অসম আৰক্ষী বাহিনীৰ আৱাসিক চৌহদত আত্মহনন ঘটনা সংঘটিত হয়। আৰক্ষীৰ আতিশয্য সহিব নোৱাৰি ছাত্ৰী গৰাকীয়ে আত্মহনন কৰা বুলি প্ৰকাশ। কোৱাৰ্টাৰৰ ভিতৰতে চিপ লৈ আত্মহনন কৰে দশম শ্ৰেণীৰ ছাত্ৰী গৰাকীয়ে।
ছাত্ৰীগৰাকীয়ে লিখি থৈ গৈছে ৯ পৃষ্ঠা জোৰা ছুইচাইড নোট। পল্লৱ শইকীয়া নামৰ আৰক্ষীজনৰ মানসিক নিৰ্যাতন বলি ছাত্ৰীগৰাকী। ছাত্ৰীগৰাকীৰ পিতৃও কৰ্মৰত আৰক্ষী বিভাগতে।
ঘটনা সন্দৰ্ভত ইতিমধ্যে দেৰগাঁও আৰক্ষীৰ কাষ চাপিছে পৰিয়াল। যুবতী গৰাকীৰ মাতৃয়ে তেও ছোৱালীৰ এই অবস্থাৰ বাবে দায়ী পল্লব শইকীয়া নামৰ আৰক্ষী জনক কঠোৰ শাস্তি দিবৰ বাবে দেৰগাওঁ থানাত এক গোচৰ ৰুজু কৰিছে।
পিতৃয়ে কৰ্মসূত্ৰে বেছিভাগ সময়েই বাহিৰত থাকিব লগা হোৱাৰ সুযোগ লৈ যুবতী গৰাকীক কৌশলেৰে জালত পেলাই মানসিক ভাবে আতিশয্য চলাই গৈছিল বুলি যুবতী গৰাকীৰ দেউতাকে জনাই।