দেৰগাঁওঃ দেৰগাৱঁৰ গোহাইমেৰত সংঘটিত হৈছে আত্মহত্যাৰ ঘটনা। ডিঙিত চিপজৰী লোৱা অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ। মৃত মহিলাগৰাকীৰ নাম ৰোজমাই বেগম।

মৃতদেহ উদ্ধাৰৰ পিছতে সমগ্ৰ অঞ্চলতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। মহিলা গৰাকীক নিশা হত্যা কৰি আত্মহত্যাৰ ৰূপ দিব বিচৰা বুলি একাংশই মন্তব্য কৰিছে। মৃত মহিলা গৰাকীৰ ভৰিয়ে স্পৰ্শ কৰি আছে বিচনা । এই দৃশ্যই অধিক সন্দেহৰ সৃষ্টি কৰিছে। স্থানীয় লোকৰ মতে প্ৰায়েই মহিলা গৰাকী আৰু স্বামীৰ মাজত কাজিয়াত লিপ্ত হৈছিল।

লগতে পঢ়কঃসত্ৰনগৰী মাজুলীত কিশোৰীক ধৰ্ষণ

মৃত মহিলা গৰাকীৰ পিতৃগৃহৰ অভিযোগ যে স্বামী আৰু দুই পুত্ৰই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে । ঘটনা স্থলীত আৰক্ষীৰ দল উপস্থিত হৈছে তদন্ত আৰম্ভ কৰিছে । লগতে চক্ৰ বিষয়াও উপস্থিত হৈছে। এই ঘটনাই দেৰগাৱঁত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,332 other subscribers

Leave a comment

Leave a Reply Cancel reply