হাটশিঙিমাৰী : বুধবাৰে দেশভক্ত তৰুণৰাম ফুকনৰ ৮২ সংখ্যক মৃত্যু বাৰ্ষিকী। মৃত্যু বাৰ্ষিকী দিৱসৰ লগত সংঘতি ৰাখি ৰাজ্য চৰকাৰৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনে জিলাৰ সদৰ হাটশিঙিমাৰীস্থ জিলা উপায়ুক্তৰ কাৰ্যালয়ত দেশভক্ত দিৱস উদযাপন কৰে।

উল্লেখযোগ্য যে দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসন উদ্যোগত আৰু হাটশিঙিমাৰী মহকুমা জনসংযোগ বিভাগৰ সহযোগত দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু বাৰ্ষিকীৰ শ্ৰদ্ধাঞ্জলিৰ বাবে প্ৰথম বাৰৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশত এইদৰে দেশভক্ত দিৱস উপযান কৰা হয়। জিলা প্ৰশাসনৰ উদ্যোগত হাটশিঙিমাৰীস্থ জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত উদযাপন কৰা দেশভক্ত দিৱস উপলক্ষে এখন আলোচনা চক্ৰও অনুষ্ঠিত কৰা হয়।

লগতে পঢক :  ৩০ জুলাইত ঘোষণা হ’ব হাই স্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল

জিলা অতিৰিক্ত উপায়ুক্তা লক্ষ্মী কুটুমৰ সভাপতিত্বত অনুষ্ঠিত এই আলোচনা চক্ৰত জিলা অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱ জ্যোতি দাস, জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া ডি দেবনাথ, মহকুমা জনসংযোগ বিষয়া বিভাস মেধী, জিলা সহকাৰী আয়ুক্তা গিতাঞ্জলী কাশ্যপ উপস্থিত থকাৰ লগতে জিলাখনৰ কেবাগৰাকী বিশিষ্ট ব্যক্তি আৰু সাংবাদিক সকল উপস্থিত থাকে। দেশভক্ত দিৱস উপলক্ষে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিছবিত পুষ্পঞ্জলি অৰ্পন কৰি ‘অ মোৰ আপোনাৰ দেশ’ গীতটি সকলোয়ে একেলগে পাঠ কৰি শ্ৰদ্ধাঞ্জলি জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply