গুৱাহাটী : বুধবাৰে গুৱাহাটীৰ ভৰলুমুখস্থিত দেশভক্ত তৰুণৰাম ফুকন উদ্যানত ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযােগ বিভাগে আয়ােজন কৰা ৰাজ্যিক পর্যায়ৰ দেশভক্তি দিৱসত অংশ গ্রহণ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে দেশভক্ত তৰুণৰাম ফুকনৰ জীৱন আৰু আদৰ্শৰাজি সম্পর্কে জনসাধাৰণক অধিক সজাগ কৰা আৰু ৰাষ্ট্ৰীয়তাবাদী ধাৰণাৰে যুৱ প্ৰজন্মক অনুপ্রাণিত কৰাৰ উদ্দেশ্যেৰে অসম চৰকাৰে প্ৰতি বছৰে আজিৰ দিনটো দেশভক্তি দিৱস হিচাপে পালন কৰাৰ পদক্ষেপ গ্রহণ কৰিছে। ‘দেশভক্তি দিৱস”ৰ আয়ােজনে ইতিহাসৰ বহু অৱহেলিত অধ্যায় লােকচক্ষুৰ সন্মুখলৈ আনিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে দেশভক্ত তৰুণৰাম ফুকন আৰু কর্মবীৰ নবীন চন্দ্র বৰদলৈ ৰাজ্যখনত দেশৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম পথিকৃৎ আছিল।

দেশ স্বাধীনতা সংগ্রামলৈ দেশভক্ত গৰাকীৰ অৱদানৰ কথা আলােকপাত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্রাদেশিক কংগ্ৰেছৰ সভাপতি হিচাপে ৰাজ্যত তৰুণৰাম ফুকনে স্বাধীনতা সংগ্রামৰ নেতৃত্ব বহন কৰাৰ লগতে তেওঁ ১৯২১ চনৰ গান্ধীজীৰ অসম ভ্রমণ তথা দেশৰ স্বাধীনতা আন্দোলনত বহু দিশৰ পৰা গুৰুত্বপূৰ্ণৰূপে বিবেচিত ১৯২৬ চনৰ কংগ্ৰেছৰ পাণ্ডু অধিৱেশনৰ মূল চালিকা শক্তি আছিল। দেশভক্ত তৰুণৰাম ফুকনক এগৰাকী দূৰদৰ্শী নেতা আছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ সদায় ৰাজ্যবাসীৰ স্বাৰ্থৰ হকে থিয় দিছিল। কংগ্ৰেছ নেতৃত্বৰ সৈতে হােৱা মত বিৰােধৰ বাবে দল ত্যাগ কৰি ১৯৩৬ চনত তেওঁ ‘অসম জন সংঘ’ গঠন কৰিছিল।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে কংগ্ৰেছ দলে দেশভক্তৰ দূৰদৃষ্টি উপলব্ধি কৰি যদিহে সেই সময়তে প্রাদেশিক চৰকাৰত অংশ লােৱাত সন্মতি প্রদান কৰিলেহেঁতেন তেন্তে ৰাজ্যৰ ইতিহাস আৰু জনগাঁথনি আজি সম্পূর্ণ পৃথক হ’লহেঁতেন। দেশভক্তই যােগ্য সন্মানৰ পৰা অতবছৰে বঞ্চিত হৈ ৰ’ল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁৰ অৱদানক স্বীকৃতি দিয়াৰ লগতে স্মৃতি চিৰযুগমীয়া কৰিবলৈ অসম চৰকাৰে ‘দেশভক্তি দিৱসৰ দৰে পদক্ষেপ গ্রহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে তদুপৰি কয় যে ‘দেশভক্তি দিৱসে’ তৰুণৰাম ফুকনৰ লগতে নবীন চন্দ্ৰ বৰদলৈ, গােপানীথ বৰদলৈ, বিষ্ণুৰাম মেধীৰ দৰে মহান স্বাধীনতা সংগ্রামীসকলৰ কৰ্মৰাজি আৰু অৱদানৰ সম্পর্কে চিন্তা-চৰ্চ্চা কৰাৰ বিশেষ সুযােগ প্রদান কৰিব।

অনুষ্ঠানত ভাষণ প্রদান কৰি তথ্য আৰু জনসংযােগ বিভাগৰ মন্ত্রী পীযুষ হাজৰীকাই কয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত অসম চৰকাৰৰ অষ্টমখন কেবিনেট বৈঠকত প্রতিবছৰৰ ২৮ জুলাই তাৰিখে দেশভক্তি দিৱস আয়ােজনৰ সিদ্ধান্ত লােৱা হৈছিল যাতে এই দিৱসে দেশভক্তগৰাকীৰ স্বাধীনতা সংগ্রামলৈ আগবঢ়োৱা অৱদান আৰু ৰাজ্যৰ সমাজ জীৱনত তেখেতৰ ভূমিকাৰ বিষয়ে অধিক জন সজাগতা বিয়পােৱাৰ পৰিৱেশ ৰচনা কৰে। মন্ত্রীগৰাকীয়ে কয় যে কর্মবীৰ নবীন চন্দ্র বৰদলৈৰ সৈতে ৰাজ্যত স্বাধীনতা আন্দোলনক নেতৃত্ব প্রদান কৰা তৰুণৰাম ফুকন ৰাজনীতি আৰু ওকালতিৰ লগতে সাহিত্য আৰু সমাজ জীৱনৰ প্রতি অনুৰক্ত আছিল। অসম সাহিত্য সভাৰ লগতে অসম ছাত্ৰ সন্মিলনী আৰু কংগ্ৰেছৰাে সভাপতি আছিল।

মন্ত্রী গৰাকীয়ে কয় যে সাম্প্রতিক ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে অনুষ্টুপীয়াকৈ এই বছৰ জনতা ভৱন আৰু জিলা উপায়ুক্তৰ কার্যালয়সমূহৰ লগতে ৰাজ্যিক পর্যায়ত গুৱাহাটীৰ ভৰলুমুখত দেশভক্তি দিৱস আয়ােজন কৰিছে। ইতিমধ্যে পৰিয়ালৰ সৈতে আলাপআলােচনা কৰাৰ লগতে ভৱিষ্যতে জনসাধাৰণৰ লগত আলাপ-আলােচনাৰ মাধ্যমেদি এই দিৱস কেনেদৰে তৃণমূল পর্যায়লৈ লৈ যাব পৰা যায় তাৰ বাবে প্ৰয়াস অব্যাহত থাকিব।অনুষ্ঠানত দেশভক্তৰ নাতি হেমেন্দ্র ৰাম ফুকনে বক্তব্য প্রদান কৰি মহান স্বাধীনতা সংগ্রামীগৰাকীৰ ঘটনা বহুল জীৱনৰ বহু অদেখা অধ্যায়ৰ কথা উল্লেখ কৰে। আনহাতে দেশভক্তি দিৱসৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰীয়ে ভৰলুমুখৰ তৰুণৰাম ফুকন উদ্যানত দেশভক্ত গৰাকীৰ প্ৰতিমূৰ্তিত পুস্পাঞ্জলি জ্ঞাপন কৰি শ্রদ্ধা নিবেদন কৰে।

লগতে পঢক :  আপুনি জানেনে উত্তৰ-পূব কিয় জৈৱ বৈচিত্ৰৰ হটস্পট?

অনুষ্ঠানৰ আৰম্ভণিতে অসম মিজোৰাম সীমান্তত ৰাজ্যৰ সাংবিধানিক সীমা সুৰক্ষাৰ দায়িত্বত নিয়ােজিত হৈ থকা অৱস্থাত প্রাণাহুতি দিয়া অসম আৰক্ষীৰ বীৰ শ্বহীদসকলৰ সোঁৱৰণত দুই মিনিটৰ মৌন প্রার্থনা কৰা হয়। তথ্য আৰু জনসংযােগ বিভাগৰ সচিব নীৰা গগৈ সােণােৱাল, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, তথ্য আৰু জনসংযােগ বিভাগৰ সঞ্চালক অনুপম চৌধুৰী, দেশভক্তৰ আন এগৰাকী নাতি জীতেন্দ্ৰ ৰাম ফুকন, নাতিনী ক্রমে বাণী গােস্বামী, মিনতি খাউণ্ড আৰু ইন্দ্রানী বৰুৱাৰ লগতে পৰিয়ালৰ কেইবাগৰাকী সদস্য অনুষ্ঠানত উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply