নিউজ ডেস্ক : সময়ৰ সোঁতত ক্ৰমাৎ হেৰাই যাব নেকি মাজুলীৰ মুখা শিল্প? মহাপুৰুষ দুজনাৰ আদৰ্শ শিৰোগত কৰি সত্ৰ সংস্কৃতিৰ পীঠস্থান মাজুলীৰ গৌৰৱময় মুখা শিল্প বিশ্বায়নৰ যোগত এতিয়া অস্তিত্বৰ সংকটত পৰিছে।
মুখা নিৰ্মাণ এক জটিল কাম। ইয়াৰ বাবে বিশেষ দক্ষতা আৰু ধৈৰ্য্যৰ প্ৰয়োজন হয়। যাৰ ফলত উঠি অহা প্ৰজন্মৰ বহুতেই এতিয়া ইয়াৰ পৰা আঁতৰি আহিছে। ‘মুখা নিৰ্মাণৰ প্ৰশিক্ষণৰ বাবে অহা ২৫ জন ডেকা ল’ৰাৰ মাত্ৰ ৩ জনেহে মুখা তৈয়াৰ কৰিব পাৰিছে,’ মুখা শিল্পৰ সৈতে জড়িত প্ৰসন্ন গোস্বামীয়ে ইষ্টম’জ’ক কয়।
মুখা শিল্পৰ ক্ষেত্ৰত মাজুলীৰ চামগুৰি সত্ৰৰ এক সুকীয়া পৰিচয় আছে। চামগুৰি সত্ৰই মহাপুৰুষ শংকৰদেৱে আগবঢ়াই যোৱা এই পৰম্পৰাক এতিয়াও জীয়াই ৰাখিছে।
‘আজিৰ দৰে সেই সময়ত কোনো ছবি নাছিল, গতিকে কিছুমান বিশেষ চৰিত্ৰ দেখাত কেনে হ’ব পাৰে তাৰ এক আভাস দিবলৈ শংকৰদেৱে বাঁহৰ ফ্ৰেম, কটন কাপুৰ, গোৱৰ মাটি আদি থলুৱা সামগ্ৰীৰে মুখা তৈয়াৰ কৰিছিল,’ গোস্বামীয়ে লগতে কয়।
তেওঁ আৰু কয়, ‘মুখা বিলাক দেখাত অধিক সঁচা লাগিবলৈ চকু আৰু হনু এনেকৈ বনুৱা হৈছিল যাতে সেইবিলাকক লৰচৰ কৰিব পাৰি, যাতে দৰ্শকে আমোদ পায়।’
পৰম্পৰাগত ভাৱে চলি অহা এই মুখা শিল্পক চাবলৈ দেশ-বিদেশৰ পৰা পৰ্যটকে মাজুলীৰ চামগুৰি সত্ৰত ভিৰ কৰেহি। তেওঁলোকৰ মাজৰ বহুতে আনকি চামগুৰি সত্ৰত মুখা নিৰ্মাণ শিকিবলৈ যত্ন কৰে।
লগতে পঢ়ক : যৌন নিৰ্যাতন চলোৱা NRL বিষয়াক নিলম্বন
কিয় মুখা নিৰ্মাণ কৰাটো যথেষ্ট কষ্টকৰ কাম বুলি সোধাত প্ৰসন্ন গোস্বামীয়ে কয়, ‘মুখা শিল্প এক অত্যন্ত ধৈৰ্য্যৰ কাম।’ মুখা বনোৱাটো মুঠেই সহজ কাম নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ বাবে যথেষ্ট একাগ্ৰতা আৰু মনোযোগৰ দৰকাৰ।
কোমল জাতি বাহৰে প্ৰথমে মুখাৰ ফ্ৰেম বনাই লোৱা হয়। তাৰ পিছত কটন কাপোৰত কুমাৰ মাটি (ৰঙচুৱা মাটি) মিহলি কৰি গোৱৰ মাটিৰে অকৃতি দিয়া হয় আৰু পুনৰ কুমাৰ মাটিৰে প্ৰলেপ দি শুকোৱা পিছত ৰং দিয়া হয় । ৰঙৰ ক্ষেত্ৰত অইলকে আদি কৰি বহুতো ৰং ব্যৱহাৰ কৰা হয়।
বিজ্ঞান প্ৰযুক্তিৰ আজিৰ এই যুগতো অসমৰ ঐতিহ্যপূৰ্ণ মুখা শিল্পক অধিক আগবঢ়াই নিয়াৰ প্ৰয়োজন যদিও এই দিশত বিশেষ কোনো কাম কৰা হোৱা নাই। এই কথাত খেদ প্ৰকাশ কৰি গোস্বামীয়ে কয়, ‘আজিৰ দিনত বিজ্ঞান প্ৰযুক্তি বহুখিনি আগবাঢ়ি গৈছে, এইসমূহ প্ৰযুক্তিৰ সহায়ত মুখা নিৰ্মাণত ব্যৱহাৰ হোৱা বাঁহ কটাৰ লগতে বিভিন্ন কামত ব্যৱহাৰ কৰি লাভৱান হ’ব পাৰো।’
‘ফলত অধিক মানুহ আগ্ৰহী হৈ ইয়াৰ সৈতে জড়িত হ’বলৈ আগবাঢ়ি আহিব,’ তেওঁ কয়।
ইংৰাজীত পঢ়ক : Despite global recognition, the art of mask making is struggling in Majuli