গুৱাহাটী : গুৱাহাটী মহানগৰীৰ দক্ষিণ-পশ্চিম দিশত অৱস্থিত অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ দীপৰ বিলৰ কথা প্ৰতিজন অসমীয়াই নিশ্চয় জানে। অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু জৈৱ বৈচিত্ৰৰে ভৰপূৰ দীপৰ বিলৰ বাবে ইমান দিনে এক বৃহৎ ভাবুকিস্বৰূপ হৈ আহিছিল বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড। সুখৰ কথা যে উক্ত ডাম্পিং গ্ৰাউণ্ডক এতিয়া সেই স্থানৰ পৰা স্থানান্তৰিত কৰা হ’ব। চৰকাৰৰ এই সিদ্ধান্তই প্ৰকৃতিপ্ৰেমী ৰাইজক আনন্দিত কৰিছে যদিও মহানগৰীৰ আনটো প্ৰান্তত থকা চন্দ্ৰপুৰবাসী ৰাইজ যেন সমানে সুখী হ’ব পৰা নাই। কিন্তু কিয়?

বৰাগাঁও বনাম চন্দ্ৰপুৰ। কোনে ল’ব মহানগৰীৰ আৱৰ্জনাৰ ভাৰ?

গুৱাহাটীত দৈনিক ৫৭৫ টন আৱৰ্জনা সৃষ্টি হয়। যোৱা এক দশকতকৈ অধিক কাল ধৰি এই আৱৰ্জনাৰ প্ৰায় ৯৫ শতাংশ বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডত পেলাই অহা হৈছে। যাৰ ফলত ইয়াৰ গাতে লাগি থকা দীপৰ বিল প্ৰদূষণৰ গ্ৰাসত পৰি আহিছে। ২০১৪ চনত ৰোহিত চৌধুৰী নামৰ এগৰাকী পৰিৱেশ কৰ্মীয়ে বৰাগাঁৱৰ উক্ত ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰিবলৈ ন্যয়ালয়ত এখন আৱেদন দাখিল কৰে। নিজৰ আৱেদনত চৌধুৰীয় বৰাগাঁও ডাম্পিং গ্ৰাউণ্ডে Wetland (Conservation and Management) Rules, 2010 আৰু Municipal Solid Wastes (Management and Handling) Rules, 2000ৰ অৱমাননা কৰি অহা বুলি অভিযোগ কৰিছিল।

কেইবালানি শুনানিৰ পিছত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ (NGT)-এ ২০১৯ চনৰ ২৯ এপ্ৰিলত গুৱাহাটী পোৰনিগমক দুমাহৰ ভিতৰত বৰাগাঁও ডাম্পিং গ্ৰাউণ্ড তাৰ পৰা স্থানান্তৰ কৰাৰ নিৰ্দেশ দিয়ে। উক্ত নিৰ্দেশৰ দুটা বছৰৰ পিছত গুৱাহাটী পৌৰনিগমে ২০২১ চনৰ ২৮ জুনত বৰাগাঁও ডাম্পিং গ্ৰাউণ্ডত মহানগৰীৰ জাবৰ পেলোৱা কাৰ্য্য বন্ধ কৰে।

ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ নিৰ্দেশৰ ৫ মাহ পিছত ২০১৯ চনৰ ২১ ছেপ্টেম্বৰত অসম শক্তি উদপাদন নিগম লিমিটেড (APGCL) আৰু গুৱাহাটী পৌৰনিগমৰ মাজত এখন বন্দৱস্ত চুক্তি (Memorandum of Agreement- MoA) স্বাক্ষৰ কৰা হৈছিল।

২০২০ চনৰ ১১ ফেব্ৰুৱাৰিত প্ৰকাশিত NGT-ৰ এখন নিৰ্দেশাৱলীত উক্ত MoA-ৰ কথা উল্লেখ কৰি কোৱা কয়, “It is respectfully submitted that a Memorandum of Agreement [MoA] dated 21.09.2019 has already been signed between Guwahati Municipal Corporation and APGCL whereby APGCL has conveyed its no-objection with regard to the setting up of the SWMF on its land. It is submitted that as per the terms of the MoA, APGCL has also been planning to set up a Waste to Energy plant near the SWMF facility. The MoA also provides that GMC shall make all necessary arrangements for scientific handling, storage and segregation of the waste as per the Solid Waste Management Rules, 2016. It is submitted that GMC shall store the waste in a scientific manner to prevent contamination and after segregation of the waste, the same shall be made available to APGCL for the Waste to Energy plant. It is submitted that as per Clause 8 of the MoA, a Project Facilitation Committee[PFC] comprising of representatives of the GMC, APGCL and Govt. of Assam has already been constituted vide office order dated 23.09.2019 and the 1st meeting of the PFC is scheduled to be held on 30.09.2019.”

লগতে পঢ়ক : অহা দুবছৰৰ ভিতৰত ৰাইজৰ দল অসমৰ আটাইতকৈ শক্তিশালী আঞ্চলিক শক্তি হৈ উঠিব : অখিল গগৈ

অৰ্থাৎ উক্ত MoA-ৰ মতে APGCL-এ তেওঁলোকৰ মাটিত গোটা আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰ (SWMF) স্থাপন কৰাত কোনো আপত্তি নাই বুলি উল্লেখ কৰে। আনকি উক্ত আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰৰ কাষতে APGCL-এ এটা Waste to Energy (জাবৰৰ পৰা শক্তি উদপাদন) প্লাণ্ট স্থাপন কৰাৰ পৰিকল্পনা কৰিছে বুলিও উল্লেখ কৰে। উক্ত MoA-ৰ ৮নং দফা অনুসৰি অসম চৰকাৰ, গুৱাহাটী পৌৰনিগম আৰু APGCL-ৰ প্ৰতিনিধিক লৈ এখন প্ৰকল্প সমন্বয়ক সমিতি (PFC) গঠন কৰা হয়।

এইখিনিতে উল্লেখ কৰিব লাগিব যে প্ৰস্তাৱিত নতুন ডাম্পিং গ্ৰাউণ্ডৰ স্থানখিনি হৈছে APGCL-ৰ অধীনৰ বৰ্তমানে বন্ধ হৈ পৰা চন্দ্ৰপুৰ তাপ বিদ্যুৎ কেন্দ্ৰৰ মাটি।

কেতিয়াৰ পৰা প্ৰতিবাদ আৰম্ভ হৈছে?

২০১৯ চনত MoA স্বাক্ষৰ হোৱা দিনাৰে পৰা চন্দ্ৰপুৰবাসী ৰাইজে উক্ত সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছিল। পিছত, কামৰূপ মহানগৰ প্ৰশাসনে স্থানীয় ৰাইজক উক্ত মাটিখিনিত ডাম্পিং গ্ৰাউণ্ড হিচাপে নহয় বৰঞ্চ গোটা আৱৰ্জনা ব্যৱস্থাপনাৰ এটা প্ৰকল্পহে স্থাপন কৰা হ’ব বুলি নিশ্চয়তা দিয়াত তেওঁলোকে তেতিয়া প্ৰতিবাদ উঠাই লৈছিল।

কিন্তু MoA স্বাক্ষৰ হোৱা দুটা বছৰ পাৰ হৈ যোৱাৰ পিছতো SWMF স্থাপনৰ কোনো চিন দেখিবলৈ পোৱা নগ’ল। যাৰ ফলত উক্ত প্ৰকল্পটোক লৈ স্থানীয় ৰাইজ সন্দিহান হৈ পৰাৰ লগতে ই চন্দ্ৰপুৰৰ মাজেৰে বৈ যোৱা কলং আৰু ব্ৰহ্মপুত্ৰক প্ৰদূষিত কৰিব বুলি থকা তেওঁলোকৰ আশংকা দৃঢ় হয়।

চন্দ্ৰপুৰ ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে যোৱা ২০১৯ চনৰ পৰা প্ৰতিবাদৰ নেতৃত্ব দি অহা আছু নেতা টুটুমণি কলিতাই কয়, “এই ঠাই ধ্বংস কৰিবলৈ দিয়া নহয়। ডাম্পিং গ্ৰাউণ্ডে যে কেৱল চন্দ্ৰপুৰবাসী ৰাইজৰ বাবে ভাবুকি আনিব এনে নহয়, ই জনস্বাস্থ্যৰ প্ৰতি ভাবুকি, ই জৈৱ বৈচিত্ৰৰ ভাবুকি। সেই কাৰণে আমি অসমৰ প্ৰতিজন মানুহক তথা বিশ্বৰ প্ৰতিজন মানুহক এই ভাবুকিৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনাইছো। বিধানসভাত বিধায়কসকলে গুৰুত্বসহকাৰে বিষয়টো উত্থাপন কৰক আৰু এটা স্থায়ী সমাধানৰ ব্যৱস্থা কৰক।”

একেদৰে চন্দ্ৰপুৰৰ এগৰাকী সচেতন নাগৰিক আৰু সমাজকৰ্মী কমল চন্দ্ৰ বৰাই কয়, “তেওঁলোকৰ কোনোধৰণৰ পৰিকল্পিত প্ৰকল্প নাই। বৰাগাঁওখন তেওঁলোকে শেষ কৰিলে এতিয়া চন্দ্ৰপুৰ অঞ্চলৰ ডিগাৰু, কলং, কপিলীৰ যি সমন্বয় সুঁতি তাত তেওঁলোকে ডাম্পিং গ্ৰাউণ্ড বনাব বিচাৰিছে। ২০১৯ চনৰ ছেম্পটেম্বৰত উপায়ুক্ত পৰ্য্যায়ত হোৱা এক আলোচনাত ইয়াত ডাম্পিং গ্ৰাউণ্ড নহ’ব বুলি সিদ্ধান্ত লোৱা হৈছিল, কিন্তু এতিয়া হঠাৎ এই চৰকাৰখন অহাৰ পিছতে পুনৰ ডাম্পিং গ্ৰাউণ্ডৰ পৰিকল্পনা কৰি জাবৰ পেলোৱা আৰম্ভ কৰিছে। কোনোধৰণৰ বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন নকৰাকৈ এনেদৰে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিলে দীপৰ বিলৰ নিচিনাকৈ জৈৱ বৈচিত্ৰৰে ভৰপূৰ চন্দ্ৰপুৰ অঞ্চল বিধ্বস্ত হৈ যাব।”

চন্দ্ৰপুৰবাসীৰ এই আশংকাৰ বাস্তৱ ভিত্তি আছে, বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডেই ইয়াৰ এক জ্বলন্ত উদাহৰণ। ২০১৬ চনৰ কেগ (CAG)-ৰ এক প্ৰতিবেদনত কোৱা হৈছিল, “গুৱাহাটী পৌৰনিগমে জাবৰ পৃথককৰণৰ কোনো সঠিক ব্যৱস্থা গ্ৰহণ নকৰিলে যাৰ ফলত পৌৰনিগমৰ গোটা আৱৰ্জনা (MSW)-ৰ সৈতে প্লাষ্টিকৰ আৱৰ্জনাক একলগ কৰি বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডত পেলোৱা হ’ল।”

আনহাতে গুৱাহাটী পৌৰনিগমৰ মতে গুৱাহাটীত আন এটা ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰাৰ কোনো পৰিকল্পনা নাছিল, বৰঞ্চ পৌৰনিগমে মহানগৰৰ আৱৰ্জনাৰে শক্তি উৎপাদনৰহে পৰিকল্পনা কৰিছে। ইষ্টম’জ’ৰ আগত গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত দেৱাশিস শৰ্মাই কয়, “যিহেতু আমি বৰাগাঁৱত জাবৰ পেলোৱা বন্ধ কৰিলো আমাক এতিয়া এটুকুৰা অন্য স্থান লাগে। মানুহে বুজিব লাগিব যে আমি চন্দ্ৰপুৰক ডাম্পিং গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰা নাই। ইয়াক আৱৰ্জনাৰ পৰা শক্তি উৎপাদন কৰা এক প্ৰকল্প হিচাপেহে ব্যৱহাৰ কৰা হৈছে।”

কিয় এতিয়াও জাবৰ পৃথককৰণৰ কোনো ব্যৱস্থা আৰম্ভ কৰা হোৱা নাই বুলি প্ৰশ্ন কৰাত তেওঁ কয়, “আৰম্ভ কৰা  হৈছেহে, আমি সেয়া কৰিম।”

অহা দুই-এমাহৰ ভিতৰতে এটা Solid Waste Management Plant স্থাপন কৰা হ’ব বুলি গুৱাহাটী পৌৰনিগমে দাবী কৰি আহিছে যদিও চন্দ্ৰপুৰবাসী ৰাইজ এইক্ষেত্ৰত আশ্বস্ত হ’ব পৰা নাই। MoA স্বাক্ষৰ হোৱা দুটা বছৰৰ পিছতো গোটা আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প স্থাপন হৈ নুঠাত ৰাইজে চৰকাৰৰ দ্বাৰা প্ৰতাৰিত অনুভৱ কৰিছে। আনহাতে চৰকাৰে বৰাগাঁও ডাম্পিং গ্ৰাউণ্ডক এখন ৰাজহুৱা উদ্যানলৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনা কৰিছে।

মহানগৰবাসীয়ে সৃষ্টি কৰা আৱৰ্জনা এতিয়া কেৱল এক পৰিৱেশজনিত সমস্যা হৈ থকা নাই, ই মহানগৰীৰ দুটা প্ৰান্তত বাস কৰা এচাম মানুহৰ বাবে হৈ পৰিছে এক ভয়ংকৰ দুঃস্বপ্ন। এই দুঃস্বপ্নৰ পৰা এখন বিলে পৰিত্ৰাণৰ কিছু আশা দেখাৰ বিপৰীতে এতিয়াৰ পৰা ইয়াৰ ভাৰ কঢ়িয়াব লাগিব পবিতৰা অভয়াৰণ্যৰ সমীপৰ তথা ব্ৰহ্মপুত্ৰ, কলং-কপিলীৰ সংগমস্থলী চন্দ্ৰপুৰৰ ৰাইজে।

চাওক ইষ্টম’জ’ৰ এক ভিডিঅ’ প্ৰতিবেদন :

ইংৰাজীত পঢ়ক : Destroy Pobitora to save Deepor Beel? Why Guwahati’s garbage is in a mess

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply