নিউজ ডেস্ক : বেআইনী কাৰ্যকলাপ প্ৰতিৰোধী আইনৰ (UAPA) অধীনত কাৰাবন্দী হৈ থকা অসমৰ ছাত্ৰী দেৱাংগনা কলিতা অৱশেষত আকাশৰ তললৈ আহিব। মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে দেৱাংগনাসহ তিনি গৰাকী ছাত্ৰ কৰ্মীৰ জামিন মঞ্জুৰ কৰে।

বৰ্তমান তিহাৰ জে’লত বন্দী হৈ থকা দেৱাংগনা কলিতা, নতাশা নৰৱাল আৰু আচিফ ইকবাল তনহাক ‘কা’ বিৰোধী আন্দোলনৰ সময়ত হোৱা দিল্লী ৰায়টৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল।

পিঞ্জৰা টোড়’ নামৰ সংগঠনটোৰ নেত্ৰী দেৱাংগনা কলিতা, নতাশা নৰৱালৰ বিৰুদ্ধে ক্ৰমে ৪টা আৰু ৩টা গোচৰ জাপি দিয়া হৈছিল। তেওঁলোকৰ অধিবক্তা অদিত পুজাৰীয়ে জনোৱা মতে দুয়োগৰাকীয়ে আটাইকেইটা গোচৰত জামিল লাভ কৰিছে।

লগতে পঢ়ক : মঙলবাৰৰ পৰা আৰম্ভ হ’ব ৬-১২বছৰ শিশুৰ কোভিড ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল

দেৱাংগনা আৰু নতাশা দুয়োগৰাকী জৱাহাৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পি এইচ ডি গৱেষিকা। তেওঁলোকক ২০২০ বৰ্ষৰ ২৩ মে’ত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

আজি জামিন লাভ কৰা আনগৰাকী অভিযুক্ত আচিফ ইকবাল তনহা জামিয়া মিলিয়া ইছলামীয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply