গুৱাহাটী : শাৰদীয় দুৰ্গোৎসৱৰ আজি অন্তিম দিন। ৫ দিনীয়াকৈ অনুষ্ঠিত হোৱা দুৰ্গা পূজাৰ আজি বিজয়া দশমী। ভক্তসকলে অশ্ৰুশিক্ত নয়নেৰে আজি বিসৰ্জন দিয়া কাৰ্য আৰম্ভ কৰিছে ৰাজ্যৰ বিভিন্ন পুজাঘাটত।
সেই উপলক্ষে ৰাজ্যৰ প্ৰতিখন পূজাস্থলীত পুৱাৰে পৰা সমাগম ঘটিছে দৰ্শকৰ। পৰম্পৰা অনুসৰি ভক্তসকলে খেলিছে সেন্দুৰৰ খেলা। মহানগৰীত দেৱী বিসৰ্জনৰ বাবে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিছে ৫ টা ঘাট। আনহাতে ৰাজ্যৰ অন্যান্য স্থানটো প্ৰশাসনে নিৰ্ধাৰণ কৰি দিছে দেৱী বিসৰ্জন স্থান।
লগতে পঢ়ক : টীয়কৰ কানুপুখুৰীত গুৰুজনাৰ জন্মজয়ন্তী উদযাপন
ক’ভিড প্ৰ’টকল আৰু অন্যান্য নীতি-নিয়ম পালনেৰে প্ৰতিখন পূজা কমিটীয়ে বিসৰ্জন দিব লাগিব দেৱী দুৰ্গাক। ভক্তসকলে দেৱী দুৰ্গাৰ বিসৰ্জন প্ৰাক মুহূৰ্তত নিজৰ লগতে ৰাজ্যৰ কুশল-মংগলৰ বাবে প্ৰাৰ্থনা জনাইছে।