গুৱাহাটী : কর্তব্যৰত অৱস্থাত বিগত দিনবােৰত উগ্রপন্থীৰ গুলী অথবা বিস্ফোৰণত ঘূণীয়া হােৱা যিসকল আৰক্ষীৰ লােকে শাৰিৰীক অক্ষমতাৰ হেতু প্রয়ােজনীয় বিশেষ পাঠ্যক্ৰমত অংশ ল’ব নােৱাৰাৰ বাবে পদোন্নতি লাভ কৰা নাছিল, সেইসকল আৰক্ষীৰ পদোন্নতিৰ ব্যৱস্থা কৰা হ’ব। আৰক্ষী সঞ্চালক প্রধান ভাস্কৰ জ্যোতি মহন্তই শনিবাৰে এই কথা প্ৰকাশ কৰিছে। উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সভাকক্ষত উগ্রপন্থীৰ গুলী অথবা বিস্ফোৰণত আহত হােৱা ২৫ গৰাকী আৰক্ষীৰ লােক আৰু তেওঁলােকৰ পৰিয়ালবৰ্গৰ লগত আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকলৰ এক মতবিনিময় অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধান মহন্তই এই কথা প্ৰকাশ কৰে।

অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধান মহন্তই কয় যে ভুক্তভােগী এইসকল আৰক্ষীয়ে প্রয়ােজনীয় প্রশিক্ষণত অৱতীৰ্ণ নােহােৱাকৈয়ে পদোন্নতি লাভ কৰিব আৰু পদোন্নতিৰ ক্ষেত্ৰত বাধ্যতামূলক এই পাঠ্যক্রম তেওঁলােকৰ ক্ষেত্ৰত ৰেহাই দিয়া হ’ব বুলিও ঘােষণা কৰে। এইক্ষেত্ৰত চৰকাৰী অনুমােদনৰ প্রক্রিয়া চুড়ান্ত পর্যায়ত আছে বুলিও তেওঁ জানিবলৈ দিয়ে। সঞ্চালক প্ৰধানগৰাকীয়ে উল্লেখ কৰে যে পদোন্নতিৰ পৰা বঞ্চিত এইসকল আৰক্ষীৰ লােকৰ প্ৰতিগৰাকীকে তেওঁৰ কনিষ্ঠজনে ইতিমধ্যে পদোন্নতিৰ জৰিয়তে লাভ কৰা পদবীত মকৰল কৰা হ’ব। উগ্রপন্থীৰ গুলী অথবা বিস্ফোৰণত ঘূণীয়া হােৱা আৰক্ষীৰ আৰু বহু লােক আছে আৰু প্রত্যেকেই এই সুবিধা লাভ কৰিব বুলিও তেওঁ মন্তব্য কৰে। সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে আজি কেৱল প্রতিনিধিত্বমূলকভাৱেহে এই অনুষ্ঠানৰ আয়ােজন কৰা হৈছে আৰু ঘূণীয়া হােৱা আৰক্ষীৰ এইসকল লােকক ‘পৰাক্ৰমী’ পদকেৰে বিভূষিত কৰাৰ বাবেও ইতিমধ্যে কেন্দ্রীয় চৰকাৰৰ লগত যােগাযােগ কৰি থকা হৈছে।

লগতে পঢ়ক : ৫ সমষ্টিৰ ৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী ইভিএমত,৫ বজালৈকে ৬৯.৬০ শতাংশ ভোটদান

অনুষ্ঠানত অংশগ্রহণ কৰি গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নীৰজ বামই আৰক্ষীৰ এইসকল লােকৰ কল্যাণৰ বাবে সম্ভৱপৰ সকলােধৰণৰ পদক্ষেপ গ্রহণ কৰা হ’ব বুলি প্ৰকাশ কৰে। মত-বিনিময় অনুষ্ঠানত উপস্থিত থাকি বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান (আইন-শৃংখলা) জি পি সিঙে আহত আৰক্ষীৰ লােকসকলে চিকিৎসাৰ বাবে সেইসময়ত নিজে ব্যয় কৰা ধনৰাশি তেওঁলােকক চৰকাৰীভাৱে পৰিশােধ কৰাকে আদি ধৰি আন ভালেমান পৰামৰ্শ দাঙি ধৰে। এই মত-বিনিময় অনুষ্ঠানতে আৰক্ষীৰ এই লােকসকলৰ লগতে তেওঁলােকৰ পৰিয়ালবৰ্গকো সম্বর্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত উগ্রপন্থীৰ গুলী আৰু বিস্ফোৰণত আহত কেবাগৰাকীও আৰক্ষীৰ লােকে সেই সময়ত সংঘটিত শিহৰণকাৰী ঘটনাৰ বিষয়ে বর্ণনা কৰাৰ লগতে আজিৰ অনুভৱখিনিও ব্যক্ত কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply