নিউজ ডেস্কঃ আজি ঘোষণা কৰা হৈছে অসম আৰক্ষীৰ উপ পৰিদৰ্শক নিযুক্তি ফলাফল। মুঠ ৫,২৬২ গৰাকী দৰিদ্ৰ শ্ৰেণীৰ মেধাসম্পন্ন ল’ৰা-ছোৱালীয়ে লাভ কৰিছে চাকৰি। 

এই ফলাফল সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই এক সংবাদমেল সম্বোধন কৰে। তেওঁ এই সংবাদমেলত জনাই যে এই ৫ সহস্ৰাধিক পদৰ বাবে অসম ৭ লক্ষাধিক নিবনুৱা যুৱক-যুৱতী অৱতীৰ্ণ হৈছিল। 

ইয়াৰ ভিতৰত আৰ্মড ব্ৰাঞ্চৰ বাবে  অসম আৰক্ষীৰ ৫টা কৈ কমাণ্ডো বেটেলিয়নৰ পৰিকল্পনাৰ কথাও উল্লেখ কৰে ভাস্কৰ জ্যোতি মহন্তই।

ডিজিপি ভাস্কৰজ্যোতি মহন্তই লগতে কয় যে- এইবাৰ পৰীক্ষাত যিসকলে ভাল ফলাফল লাভ কৰিছে তেওঁলোকে নিজৰ যোগ্যতাৰ ভিত্তিতে লাভ কৰিছে নিযুক্তি। উল্লেখ্য যে, অহা ২২ ছেপ্টেম্বৰত উত্তীৰ্ণ প্ৰাৰ্থীসকলক খানাপাৰা পশু চিকিৎসালয় খেলপথাৰত নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply