ৰাজপথত সুৰাসক্ত ৰাজকন্যা বৰুৱাৰ ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া যিমানেই আগবাঢ়িছে সিমানেই ঘটনাটোৱে নতুন মোৰ লৈছে । চিকিৎসক নভনীল বৰুৱাক ৰাজকন্যা বৰুৱাক চিকিৎসাৰ নামত তদন্তৰ পৰা বচাবলৈ চেষ্টা কৰাৰ অভিযোগত আজি পুনৰ দিছপুৰ থানাত হাজিৰ হৈছে GNRCৰ চিকিৎসক নভনীল বৰুৱা । দ্বিতীয় দিনাও ডাঃ বৰুৱাক জেৰা চলাব দিছপুৰ আৰক্ষীয়ে । শুকুৰবাৰে ডাঃ নভনীল বৰুৱাক ১১ ঘণ্টা জেৰা চলাইছিল আৰক্ষীয়ে
ৰাজকন্যাক সুৰক্ষা দিয়া সন্দৰ্ভত এই জেৰা নভনীল বৰুৱাক ।

কালি চলোৱা জেৰাৰ সময়ত নভনীল বৰুৱাই ৰাজকন্যা বৰুৱাই জিএনআৰচিত চিকিৎসা কৰাবলৈ অহাৰ সময়ত চিকিৎসক নভনীল বৰুৱাই ডিজিপিৰ সৈতে ফোন যোগে কথা পতা প্ৰসংগটোৰ কথা উল্লেখ কৰে । এই বিষয়টো পোহৰলৈ অহাত ঘটনাক লৈ চলি থকা চৰ্চা সম্পৰ্কে আজি আৰক্ষী সঞ্চালক ভাস্কৰ জ্যোতি মহন্তই এক সংবাদমেল সম্বোধন কৰে ।
সংবাদমেলত নভনীল বৰুৱাই DGPৰে কথা পতা সন্দৰ্ভত স্পষ্টীকৰণ দি কয়,
‘৪ অক্টোৱৰত বৰুৱাই মোলৈ মেছেজ কৰাটো হয়’
‘যুৱতীগৰাকীৰ স্বাস্থ্য সন্দৰ্ভত মোক জনাইছিল’
‘আমি গ্ৰেপ্তাৰ কৰিম বুলিয়েই চিকিৎসকজনক জনাইছিলো’ । ৰাজকন্যা কাণ্ডৰ লগত আৰক্ষীৰ নাম সাঙুৰি একাংশ সংবাদ মাধ্যমে চলাই থকা চৰ্চাৰ পিছত স্পষ্টীকৰণত ভাস্কৰ জ্যোতি মহন্তই তেনেদৰে কয়।
ভিভাণ্টাৰ পাৰ্টীৰ চিচি টিভিৰ দৃশ্য সংগ্ৰহৰ নিৰ্দেশ দিয়াৰ কথা DGPয়ে জানিবলৈ দিয়ে

সঞ্চালক প্ৰধান গৰাকীয়ে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হোৱা আৰক্ষী বিভাগক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ বাবে সক্ৰিয় হৈছে অপশক্তি বুলিও উল্লেখ কৰে ।

লগতে পঢ়ক-কোভিড বিধি উলংঘা কৰি কণ কণ ছাত্ৰ- ছাত্ৰীক লৈ বিদ্যালয়ত চলিছে পাঠদান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply